spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeআঞ্চলিকআশাৰ ৰেঙনিঃ কৰ’নাক্ৰান্ততকৈ আৰোগ্যৰ হাৰ ঊৰ্ধ্বত

আশাৰ ৰেঙনিঃ কৰ’নাক্ৰান্ততকৈ আৰোগ্যৰ হাৰ ঊৰ্ধ্বত

গুৱাহাটী: ৰাজ্যত অব্যাহত কৰ’নাৰ সংক্ৰমণ৷ তাৰে মাজতে সুখবৰ আহিছে অসমবাসীলৈ৷ এইবাৰ কৰ’নাৰ আৰোগ্যৰ হাৰে অভিলেখ সৃষ্টি কৰিলে ৰাজ্যত৷ এটা দিনত কৰ’নাত আক্ৰান্তৰ হাৰতকৈ বৃদ্ধি পালে আৰোগ্য হাৰ৷ শুকুৰবাৰৰ দিনটোত আৰোগ্যলাভ কৰে ৮২৮জন লোকে৷

নিশ্চিতভাৱে এই তথ্যই ৰাজ্যৰ স্বাস্থ্যবিভাগলৈ কিছু সকাহৰ বাৰ্তা আনিছে৷ আৰোগ্যৰ বিপৰীতে কালিৰ দিনটোত কৰ’নাত আক্ৰান্ত হয় ৫৬৪জন লোক। বিগত ২৪ ঘন্টাত ৯১,৭৭৮জনে ক’ভিড টেষ্ট কৰাই৷

গুৱাহাটী মহানগৰীত আক্ৰান্ত হয় ১২২জন৷ গোলাঘাটত ৫১ জন, দৰং আৰু শোণিতপুৰত আক্ৰান্ত হয় ২৯জনকৈ লোক৷ কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৬জন ৰোগী৷ ৰাজ্যত বৰ্তামানেও চিকিৎসাধীন হৈ আছে ৫,১৫৮জন৷ কালিৰ দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৬১শতাংশ৷ আৰু আৰোগ্য হাৰ ৯৭.৯৪ শতাংশ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
broken clouds
27 ° C
27 °
27 °
94 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular