spot_img
13 C
Guwahati
13 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআন্তঃৰাষ্ট্ৰীয়বিশ্বব্ৰহ্মাণ্ডত বৃহস্পতি সদৃশ নতুন গ্ৰহৰ সন্ধান, বৈজ্ঞা‌নিক নহলত বিশেষ চৰ্চা লাভ কৰিছে...

বিশ্বব্ৰহ্মাণ্ডত বৃহস্পতি সদৃশ নতুন গ্ৰহৰ সন্ধান, বৈজ্ঞা‌নিক নহলত বিশেষ চৰ্চা লাভ কৰিছে লাভ নাম্বাৰে…

ডিজিটেল ডেস্ক : কেইবছৰমান আগতে জ্যোতিৰ্বিজ্ঞানীসকলে সন্ধান লাভ কৰা এটা নতুন গ্ৰহৰ বিষদ বিৱৰণ লাভ কৰিছে। সৌৰজগতৰ পৰা ১,৮০০ আলোকবৰ্ষ দূৰত থকা নতুন গ্ৰহটো সন্দৰ্ভত উত্‍সুকতা অব্যাহত আছে বৈজ্ঞানিক মহলত। ২০১৪ চনত আৱিষ্কাৰ কৰা হৈছিল এই নতুন গ্ৰহটো। বিজ্ঞানীসকলে ইয়াৰ নাম দিছে WASP-103b।

নতুনকৈ আৱিষ্কৃত এই এক্স’প্লেনেটটো দেখাত আলু সদৃশ। ই সৌৰজগতৰ পৰা ১,৮০০ আলোকবৰ্ষ দূৰত থকা ‘হাৰকিউলিচ’ নামৰ নক্ষত্ৰমণ্ডলত অৱস্থিত। জ্যোতিৰ্বিজ্ঞানীসকলে এই নতুন গ্ৰহটোৰ নক্ষত্ৰটোৰ নাম দিছে WASP-103। পৃথিৱী আৰু সূৰ্যৰ দূৰত্বতকৈ WASP-103b ইয়াৰ নক্ষত্ৰ WASP-103ৰ ৫০ গুণ ওচৰত অৱস্থিত। তদুপৰি পৃথিৱীক সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ যেনেকৈ প্ৰায় ৩৬৫ দিন সময় লাগে, তাৰ তুলনাত নতুন গ্ৰহটোক ইয়াৰ নক্ষত্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিবলৈ মাত্ৰ ২২ ঘন্টা সময়হে লাগে। অৰ্থাত্‍ চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে এটা পাক সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজন হোৱা সময়তকৈও কম।

লাভ নাম্বাৰ’ৰ মতে নতুন গ্ৰহটো প্ৰায় বৃহস্পতি গ্ৰহৰ দৰেই। ‘লাভ নাম্বাৰ’ হৈছে এটা পদ্ধতি যাৰ দ্বাৰা গ্ৰহৰ কঠিনতা জোখা হয়। বিজ্ঞানীসকলে ঠাৱৰ কৰিছে যে WASP-103bৰ এটা কঠিন কেন্দ্ৰ আছে। এই কঠিন স্তৰটো তৰল পদাৰ্থৰ স্তৰেৰে আবৃত। লগতে গেছীয় বায়ুমণ্ডলেৰে গ্ৰহটো আৱৰি আছে। ই ঠিক সৌৰজগতৰ বৃহস্পতি গ্ৰহটোৰ দৰে। পৰ্তুগালৰ পোৰ্তো বিশ্ববিদ্যালয়ৰ এগৰাকী জ্যোতিৰ্বিজ্ঞানী চুচানা বাৰোছে উল্লেখ কৰে যে যদি এই গ্ৰহটো সৌৰজগতৰ বৃহস্পতিতকৈ ১.৫ গুণ অধিক ওজনৰ হয়, তেন্তে ইয়াৰ ব্যাসাৰ্ধ বৃহস্পতিতকৈ দুগুণ ডাঙৰ হ’ব। তেওঁৰ মতে WASP-103B ইয়াৰ নক্ষত্ৰ WASP-103ৰ উষ্ণতাৰ লগতে অন্যান্য প্ৰণালীৰ বাবে অত্যাধিক ফুলা আকৃতিৰ হ’ব।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular