spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeব্ৰেকিং নিউজদেশদ্ৰোহ, ৰাষ্ট্ৰদ্ৰোহ গোচৰেও তলাব পৰা নাছিল যিজন সাংবাদিকক

দেশদ্ৰোহ, ৰাষ্ট্ৰদ্ৰোহ গোচৰেও তলাব পৰা নাছিল যিজন সাংবাদিকক

ডিজিটেল ডেস্ক: দেশৰ জ্যেষ্ঠ সাংবাদিক বিনোদ ডুৱাৰ আজি আবেলি ৬৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে৷ ক’ভিডোত্তৰ জটিলতাত সাংবাদিকগৰাকীৰ বিয়োগ ঘটা বুলি তেওঁৰ কন্যা মল্লিকা ডুৱাই ছ’চিয়েল মিডিয়াযোগে ৰাজহুৱা কৰিছে৷ ভাৰতৰ টেলিভিছন সাংবাদিকতাৰ বাটকটীয়া বিনোদ ডুৱাই দূৰদৰ্শন কেন্দ্ৰৰ জৰিয়তে সাংবাদিক জীৱনৰ পাতনি মেলিছিল৷

পৰৱৰ্তী সময়ত NDTV INDIA বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানটোৰ জৰিয়তে সংবাদ সেৱা আগবঢ়াইছিল বিনোদ ডুৱাই৷ ক’ভিডত আক্ৰান্ত হৈ গুড়গাঁৱৰ এপোলো হাস্পতালত চিকিৎসাধীন সাংবাদিকগৰাকীক সোমবাৰে আইচিইউত ভৰ্তি কৰোৱা হৈছিল৷ নিৰ্ভীক সাংবাদিকগৰাকীৰ বিয়োগৰ লগে লগে প্ৰগতিশীল সাংবাদিকতাৰ এটি যুগৰ অৱসান ঘটিল৷ চৰকাৰৰ ভুল-ক্ৰটীক সংবাদসেৱাৰ জৰিয়তে উদঙাই ৰাইজক প্ৰকৃত তথ্যবোৰ জনাই গৈছিল বিনোদ ডুৱাই৷ চৰকাৰবিৰোধী শক্তিশালী স্থিতিৰে আপোচহীন কণ্ঠ হৈ পৰিছিল বিনোদ ডুৱা৷

আদৰ্শ আৰু স্থিতিৰ সৈতে আপোচ নকৰাকৈ দেশৰ লাঞ্ছিত জনতাৰ কণ্ঠ হৈ পৰিছিল সাংবাদিকগৰাকী৷ চৰকাৰবিৰোধী স্থিতি গ্ৰহণ কৰা বাবে আনকি সাংবাদিকগৰাকীৰ বিৰুদ্ধে বিজেপিয়ে ৰুজু কৰিছিল দেশদ্ৰোহিতাৰ গোচৰ৷ সাংবাদিকগৰাকীৰ এটা ইউটিউব শ্ব’ৰ পাছতেই ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হৈছিল সাংবাদিকগৰাকীৰ বিৰুদ্ধে৷ সাংবাদিকতাৰ চৰিত্ৰত হস্তক্ষেপ কৰি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়া গুচৰীয়া পক্ষক প্ৰশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ে৷ আজি বিয়োগ ঘটা সাংবাদিকগৰাকী নিজৰ বৃত্তিৰ প্ৰতি ইমানেই শ্ৰদ্ধাশীল আৰু সংবেদনশীল আছিল যে শেষ সময়ত তেওঁ এনডিটিভিৰ পৰা পদত্যাগ কৰি একক প্ৰচেষ্টাৰে ডিজিটেল মাধ্যমযোগে চৰকাৰৰ ভুলবোৰ উদঙাই দিছিল৷ শাসকৰ চকুত চকু থৈ কথা কোৱাৰ সাহস ৰখা সাংবাদিকগৰাকীৰ মৃত্যুত মৰ্মাহত তেওঁৰ শুভাকাংক্ষী, গুণমুগ্ধসকল৷ কাইলৈ দিল্লীৰ লোধি শ্মশানত সাংবাদিকগৰাকীৰ শেষকৃত্য সম্পন্ন হ’ব৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular