spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআঞ্চলিকখাদ্যত মিহলাইছিল নিচা, পটাগুটিৰে মূৰ থেতালি হত্যা বৰুৱা দম্পতীক... আঁৰত আৰু আছে...

খাদ্যত মিহলাইছিল নিচা, পটাগুটিৰে মূৰ থেতালি হত্যা বৰুৱা দম্পতীক… আঁৰত আৰু আছে গুপুত ৰহস্য!

ডিজিটেল ডেস্ক : অৱশেষত সকলো পৰিষ্কাৰকৈ প্ৰকট হৈ পৰিল। এটা চাঞ্চল্যকৰ হত্যাকাণ্ডক লৈ সৃষ্টি হোৱা সকলো ৰহস্যৰ ওৰ পৰিল। বেতলতাৰ চন্দন নগৰৰ ননীগোপাল বৰুৱা আৰু তেওঁৰ পত্নীৰ হত্যাকাণ্ডৰ ৰহস্য ভেদ কৰিলে আৰক্ষীয়ে। বৰুৱা দম্পতীয়ে ইমানদিনে গাখীৰ খুৱাই পোহা সাপেই দংশন কৰিলে তেওঁলোকৰ ব্ৰহ্মতালুত। এই সাপ হৈছে তেওঁলোকক চোৱাচিতা কৰা আকাশ দাস নামৰ লোকজন। ব্যক্তিগত আক্ৰোশ পূৰণৰ বাবে অতি নৃশংসভাৱে আকাশে হত্যা কৰিলে পিতৃতুল্য ননীগোপাল বৰুৱা আৰু মাতৃতুল্য মীনা বৰুৱাক। যোৱা সোমবাৰেই সংঘটিত হোৱা এই ঘটনাৰ সম্পূৰ্ণ ৰহস্য পোহৰলৈ আনিবলৈ আৰক্ষীক প্ৰয়োজন হ’ল প্ৰায় এটা সপ্তাহৰ। অতি চতুৰ অপৰাধী আকাশ দাসক হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছদিনাই আৰক্ষীয়ে আটক কৰিছিল যদিও তেওঁ সৈ কঢ়াবলৈ আৰক্ষীক প্ৰয়োজন হ’ল দীৰ্ঘ সময়ৰ। কিয়নো অতি দৃঢ়তাৰে বাৰে বাৰে আকাশে এই হত্যাকাণ্ডৰ কথা অস্বীকাৰ কৰি আহিছিল। কিন্তু যেতিয়া সকলো সাক্ষ্য-প্ৰমাণ আকাশৰ বিপৰীতে গ’ল, তেতিয়া আকাশে এই হত্যাকাণ্ডৰ কথা অস্বীকাৰ নকৰাৰ উপায় নোহোৱা হ’ল। অৱশেষত শুকুৰবাৰে আকাশ দাস নামৰ ঘাতকজনে স্বীকাৰ কৰিলে বৰুৱা দম্পতীক হত্যাৰ কথা।

আকাশে আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি নিশাৰ আহাৰত নিচাজাতীয় সামগ্ৰী মিহলাই খুওৱা হৈছিল বৃদ্ধ দম্পতীক। যিহেতু আকাশ দাস আৰু তেওঁৰ পত্নী পুতু দাসেই দুয়োৰে খোৱা-লোৱাকে ধৰি সকলো চোৱাচিতা কৰিছিল সেয়েহে এই কাৰ্য কৰাটো আছিল অতি সহজ। পাছত নিশা সুৰাপান কৰি হিতাহিত জ্ঞান হেৰুওৱা আকাশে পটাগুটিৰে থেতেলিয়াই হত্যা কৰিলে বৰুৱা দম্পতীক। আকাশকে প্ৰথমে ননী বৰুৱাক হত্যা কৰা বুলি স্বীকাৰ কৰিছে। ননী বৰুৱাক হত্যা কৰাৰ কথা কাষতে শুই থকা তেওঁৰ পত্নীয়ে গম পোৱাত তেওঁকো হত্যা কৰে নৃশংস ঘাতক আকাশে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে আকাশে অকলেই এই হত্যাকাণ্ড সংঘটিত কৰিছিল। পাছত নিজক বচোৱাৰ বাবে এই ঘটনাক ডকাইটীৰ ৰূপ দিবলৈ খিৰিকী ভাঙি নাটক ৰচিছিল আকাশ দাসে। ঘৰৰ চাবি যিহেতু আকাশ আৰু তেওঁৰ পত্নীৰ হাততেই থাকে সেইবাবে ঘৰৰ ভিতৰত সন্তৰ্পনে প্ৰৱেশ কৰাটো আছিল অতি সহজ কথা। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ আঁৰৰ কাৰণো ইতিমধ্যে জানিব পাৰিছে যদিও সেয়া বিশেষ কাৰণত ৰাজহুৱা কৰা নাই। কিন্তু সম্পত্তিৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱা নাই বুলি থাৱৰ কৰা হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়ালৈ মুখ নোখোলাত তাক লৈও ৰহস্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, ননীগোপাল বৰুৱাই আকাশ দাসক আন সকলো সা-সুবিধা দিয়াৰ লগতে হাজোত মাটিও দান দিছিল।
আকাশৰ পৰিয়ালৰ বাবে হাজোত একঠা সাত লেচা মাটি কিনি দি বদান্যতাৰ পৰিচয় দিছিল ননীগোপাল বৰুৱাই। আকাশৰ জীৱিকাৰ বাবে অটো কিনি দিয়া, তেওঁৰ সন্তানক ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ুওৱা আদিৰ দৰে নানা উপকাৰ সধা বৰুৱা দম্পতীক হত্যাৰ সময়ত আকাশৰ হাত কিয় এবাৰো নকঁপিল সেই প্ৰশ্নই এতিয়া সকলোৰে অন্তৰ জোকাৰি গৈছে। এই হত্যাকাণ্ডৰ আঁৰত কি ৰহস্য থাকিব পাৰে তাক লৈও সৃষ্টি হৈছে উৎকণ্ঠাৰ।

ইফালে, আকাশ দাসৰ পত্নী পুতু দাসকো আৰক্ষীয়ে আটক কৰি জেৰা কৰিছিল যদিও তেওঁ এই ঘটনাৰ সৈতে কিদৰে জড়িত আছিল সেইকথা স্পষ্ট হোৱা নাই। পতি-পত্নীৰ ভাষ্যত থকা অমিলৰ বাবেই প্ৰথমে ঘটনা সন্দৰ্ভত সন্দেহ উপজিছিল আৰক্ষীৰ। সেয়েহে বাৰে বাৰে জেৰা কৰা হৈছিল পুতু দাসকো। পাণবজাৰ মহিলা থানালৈ নি জেৰা কৰা হৈছিল আকাশৰ পত্নী পুতুক। পিছে তেওঁ এই হত্যাকাণ্ডৰ বিষয়ে জানিছিল নে নাই আৰু তেওঁ কিদৰে এই ভয়ংকৰ কাৰ্যত সহযোগ কৰিছিল সেই বিষয়ে আৰক্ষীয়ে সবিশেষ সদৰি কৰা নাই। আকাশৰ সৈতে একেটা কোঠাতে থকা পুতু দাসে একো নাজানিছিল বুলি কোৱাটো নিশ্চয় বিশ্বাসযোগ্য নহয়। এই সন্দৰ্ভত সবিশেষ শীঘ্ৰেই আমি লৈ অহাৰ চেষ্টা কৰিম।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular