spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকসোণসহ খটখটী আৰক্ষীৰ জালত সৰবৰাহকাৰী

সোণসহ খটখটী আৰক্ষীৰ জালত সৰবৰাহকাৰী

ডিজিটেল ডেস্কঃ বোকাজানৰ খটখটীত আধা কিলোগ্ৰাম সোণ জব্দ। খটখটী আৰক্ষীৰ তালাচী অভিযানত জব্দ হৈছে সোণখিনি। চোৰাং সোণসহ আটক হোৱা দুগৰাকী সৰবৰাহকাৰীৰ এগৰাকী মহিলা সৰবৰাহকাৰী বুলিও খবৰ আহিছে।

মণিপুৰৰ ইম্ফলৰ পৰা গুৱাহাটীলৈ বিক্ৰীৰ উদ্দেশ্যে আনিছিল বুলি জানিব পৰা গৈছে। কহিমাৰ পৰা গুৱাহাটীলৈ অহা এখন নৈশবাছত আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত দুয়োজনকে তালাচী চলাই উদ্ধাৰ কৰে সোণখিনি। দুই সৰবৰাহকাৰীয়ে অতি কৌশলেৰে নিজৰ গুপ্তাংত লুকুৱাই আনিছিল সোণখিনি। ধৃত সোণ সৰবৰাহকাৰী ইন্দু বালা টংৰাং আৰু ৰমেশ চালামক আটক কৰিছে আৰক্ষীয়ে। দুয়োৰে ঘৰ মণিপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular