spot_img
20 C
Guwahati
20 C
Guwahati
দেওবাৰ, জানুৱাৰী 23, 2022
Homeআঞ্চলিকনঙলামুখত চেনেহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ উজনি-নামনি সৰ্বত্ৰে

নঙলামুখত চেনেহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ৰাজ্যৰ উজনি-নামনি সৰ্বত্ৰে

ডিজিটেল ডেস্ক : ক’ভিডৰ তৃতীয় ঢৌ অ’মিক্ৰনৰ সমান্তৰালভাৱে ৰাজ্যৰ সৰ্বত্ৰে এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। অসমীয়া জাতিৰ অতি আদৰৰ ভোগালী বিহু পালনৰ বাবে অসমৰ উজনি পৰা নামনিলৈ সকলোতে বিৰাজ কৰিছে এক আনন্দ-উল্লাসে। ইয়াৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন ধৰণে ভেলাঘৰ সাজি সকলো যেন মিলিত হৈছে এক অঘোষিত প্ৰতিযোগিতাত।

উল্লেখ্য যে, ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে দিয়া নতুন নীতি-নিৰ্দেশনা মানি সকলো এতিয়া ব্যস্ত হৈ পৰিছে ভোগালীক আদৰাত। পিছপৰি ৰোৱা নাই বাকসা জিলাৰ বৰমাৰ পশ্চিম আলাগজাৰো৷ বৰমাতো চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷ পশ্চিম আলাগজাৰ গাঁৱৰ ৰাইজেও অসমীয়াৰ বাপতিসাহোন বিহুটিক আদৰিবলৈ নিৰ্মাণ কৰিছে ব্যতিক্ৰমী ভেলাঘৰ আৰু মেজি৷ বাকসা জিলাৰ ভাৰত-ভূটান সীমান্তত প্ৰায়ে সংঘটিত হৈ থকা হাতী-মানুহৰ সংঘাতৰ এক বাস্তৱ প্ৰতিচ্ছবি দেখুৱাবলৈ চেষ্টা কৰিছে গাঁৱৰ ৰাইজে৷

ইফালে, অসমত হয়তো প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে ভোগালী বিহুত মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে আৰু প্ৰতিযোগিতা আয়োজন কৰিছে বজালী জিলা উপায়ুক্ত ভাৰত ভূষন দেৱচৌধুৰীয়ে l জিলা উপায়ুক্তগৰাকীৰ এনে প্ৰতিযোগিতা ঘোষণাৰ পাছতে অসমীয়া পৰম্পৰা উজ্জীৱিত কৰাৰ মানসেৰে বজালীৰ ভিন্ন প্ৰান্তত যুৱক আৰু ৰাইজে মিলি মেজি আৰু ভেলাঘৰ সাজি ভাগ লৈছে প্ৰতিযোগিতাত l শ্ৰেষ্ঠত্ব নিৰ্বাচন কৰাৰ বাবে গঠন কৰি দিয়া হৈছে এখন বিশেষ কমিটী l আনহাতে শ্ৰেষ্ঠ পুৰস্কাৰপ্ৰাপ্তক আগন্তুক গণৰাজ্য দিৱসৰ দিনাখন ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাই পুৰস্কৃত কৰিব বজালী জিলা প্ৰশাসেন।

আনহাতে, বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰ ভৰি পৰিছে থলুৱা খাদ্যসম্ভাৰ, শিপিনীৰ কাপোৰৰে। চেনেহৰ ভোগালীত গ্ৰাম্য অঞ্চলৰ মহিলাসকলক স্বাৱলম্বী কৰাৰ প্ৰয়াস অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ। সেয়েহে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ মহিলাসকল একত্ৰিত হৈ প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ সুস্বাদু থলুৱা চিৰা, পিঠা-লাড়ু আদিৰ লগতে বিভিন্ন সাজসজ্জাৰে ভৰি পৰে ‘ভোগালী বজাৰ’।  

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular