spot_img
20 C
Guwahati
20 C
Guwahati
মঙলবাৰ, অক্টোবৰ 26, 2021
Homeআঞ্চলিকডিমৌত আঞ্চলিকতাবাদৰ জয়ধ্বনি; কোন বিজেপি নেতাই ক’লে, অগপ জিন্দাবাদ!

ডিমৌত আঞ্চলিকতাবাদৰ জয়ধ্বনি; কোন বিজেপি নেতাই ক’লে, অগপ জিন্দাবাদ!

ডিজিটেল ডেস্ক : শিৱসাগৰৰ ডিমৌত উঠিল আঞ্চলিকতাবাদৰ জয়ধ্বনি। অসমৰ আঞ্চলিকতাবাদৰ মূল ধ্বজাবাহক অসম গণ পৰিষদৰ ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হ’ল ডিমৌত। ডিমৌ ৰাজহুৱা খেলপথাৰত অগপৰ শিৱসাগৰ জিলা সমিতিৰ সহযোগত আৰু থাওৰা বিধান পৰিষদৰ উদ্যোগত অনুষ্ঠিত হৈছে এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসক লৈ অগপ নেতা-কৰ্মীৰ মাজত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। ডিমৌত অগপ নেতৃত্বক গায়ন বায়নেৰে আদৰণি জনায় উদ্যোক্তাসকলে। তাৰ পাছতে ৰাইজৰ আশীৰ্বাদ বিচাৰি পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী শুভাৰম্ভ কৰে দলটোৰ সভাপতি অতুল বৰাই।


ইফালে, অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত হ’ল থাওৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী সুশান্ত বৰগোহাঁই। অগপ জিন্দাবাদ ধ্বনিৰে আঞ্চলিকতাবাদৰ গুণ গালে সদ্য কংগ্ৰেছত্যাগী নেতাজনে। অসম আৰু অসমীয়াক অগপই বাহিৰত পৰিচয় কৰাই দিয়া বুলি মন্তব্য কৰে সুশান্ত বৰগোহাঁইয়ে। ইফালে, দলৰ জন্মলগ্নৰ ৩৭গৰাকী নেতা-কৰ্মীয়েও ৩৭সংখ্যক প্ৰতিষ্ঠা দিৱসৰ ৩৭খন পতাকা উত্তোলন কৰে। শ্বহীদ তৰ্পণ অনুষ্ঠানত অংশ লয় কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।

সতীৰ্থ সোঁৱৰণ কৰে দলটোৰ জ্যেষ্ঠ নেতা, বিধায়ক ফণী ভূষণ চৌধুৰীয়ে। প্ৰতিষ্ঠা দিৱস উপলক্ষে কেইবাসহস্ৰাধিক দলীয় কৰ্মী-সমৰ্থকে অংশগ্ৰহণ কৰে মুকলি সভাত। অগপৰ পুনৰুত্থান যাত্ৰাৰ সবিশেষ দাঙি ধৰি অগপৰ সভাপতি অতুল বৰাই দলটোলৈ নতুন তেজৰ আগমন ঘটা বুলি উল্লেখ কৰে। দলৰ পৰৱৰ্তী লক্ষ্য তথা পদক্ষেপ সম্পৰ্কতো তেওঁ এক ৰূপৰেখা দাঙি ধৰে তেওঁৰ ভাষণত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular