spot_img
18 C
Guwahati
18 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 8, 2021
Homeআঞ্চলিকচোৰৰ টাৰ্গেট ধন-সোণ নহয়... মঙলদৈত কিয় চুৰি হয় মিঠাতেলৰ বটল?

চোৰৰ টাৰ্গেট ধন-সোণ নহয়… মঙলদৈত কিয় চুৰি হয় মিঠাতেলৰ বটল?

ডিজিটেল ডেস্ক: মূল্যবৃদ্ধিৰ প্ৰভাৱ সকলোতে পৰিছে৷ এই মূল্যবৃদ্ধিৰ বাবে দৰং জিলাৰ সদৰ মঙলদৈ চহৰত সংঘটিত হৈছে এক আজব ঘটনা৷ এইবাৰ ধন-সোণ নহয় চোৰৰ টাৰ্গেট হৈছে মন্দিৰৰ মিঠাতেল৷ মঙলদৈৰ গেৰিমাৰীৰ এটা শিৱ মন্দিৰত নিশা সংঘটিত হয় এই চুৰিকাণ্ডৰ ঘটনা। নিশা চোৰে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি জমা থোৱা মিঠাতেলৰ বটলকে ধৰি, বিভিন্ন সামগ্ৰী নিয়াৰ লগতে মন্দিৰৰ ভিতৰ ভাগ লণ্ডভণ্ড কৰি থৈ যায়।

বৰ্তমান সময়ত বৰ্ধিত মূল্যবৃদ্ধিত খৰ্গহস্ত হৈ পৰিছে সাধাৰণ জনতা৷ ৰান্ধনী শালৰ পৰা গাড়ী-মটৰলৈ সকলোতে এতিয়া জুই চায় দাম৷ যাৰ বাবে নিম্ন মধ্যবিত্তৰ লোক এবেলা খাই আনবেলা ভাতৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ৷ যাৰ বাবে বহুতেই নানান চুৰিকাৰ্যত লিপ্ত হৈছে৷

মঙলদৈতো সেই অনুৰূপ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়৷ জানিব পৰা মতে, কাতিমহীয়া পুথি-পাঠৰ বাবে চাকি জ্বলাবলৈ মন্দিৰ সমিতিয়ে জমা ৰাখিছিল ৬ লিটাৰ মিঠাতেল৷ আৰু সেই মিঠাতেলৰ ওপৰত নিশা চোৰে হাত ছাফাই কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular