spot_img
20 C
Guwahati
20 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeক্ৰীড়াহৰিষতে বিষাদ, ভাৰতৰ পৰাজয়ত আত্মহাৰা ক্ৰিকেটাৰৰ অৱস্থা তথৈবচ!

হৰিষতে বিষাদ, ভাৰতৰ পৰাজয়ত আত্মহাৰা ক্ৰিকেটাৰৰ অৱস্থা তথৈবচ!

নতুন দিল্লীঃ চলি আছে বিশ্বকাপ ক্ৰিকেটৰ মহাৰণ। খেলপথাৰত ভাৰতৰ সন্মুখত চিৰবৈৰী পাকিস্তান। ছেমি ফাইনেলত স্থান নিশ্চিত কৰিবলৈ নানা ৰণকৌশল প্ৰস্তুত কৰিছে প্ৰতিটো দলে। মাৰ যোৱা নাই ডুবাই ইণ্টাৰনেচনেল ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা ভাৰত-পাকিস্তানৰ মাজৰ হাইভল্টেজ খেলখনৰ উত্তেজনা। বিৰাট বাহিনীৰ ব্যৰ্থতাই যিদৰে ভাৰতীয় অনুৰাগীক হতাশ কৰিছে তেনেদৰে পাকিস্তানৰ বিজয়ত উচ্ছসিত পাক অনুৰাগী। উল্লেখ্য যে, চলিত বিশ্বকাপৰ প্ৰথমখন খেলত পাকিস্তানে চিৰপ্ৰতিদ্বন্দ্বী ভাৰতৰ বিৰুদ্ধে লাভ কৰিছে বৃহত্‍ জয়। নিউজিলেণ্ডক ধৰাশয়ী কৰাৰ পাছত একপ্ৰকাৰ ছেমি ফাইনেলত স্থান নিশ্চিত হৈ পৰিছে পাকিস্তানৰ। টি-২০ বিশ্বকাপৰ দৰে এখন প্ৰতিযোগিতাত ভাৰতৰ বিৰুদ্ধে পকিস্তানৰ বিজয়ত স্বাভাৱিকতে উত্‍ফুল্লিত পাক অনুৰাগী।

পঢি়ব পাৰেঃ ‘ৰঙা গোলাপৰ থোপা নাই, কেক নাই…’ ছানিয়াৰ কেকে মান বচালে কোন ক্ৰিকেটাৰৰ?

সুদীৰ্ঘ দশকৰ পাছত ভাৰতৰ বিৰুদ্ধে এই জয়ে পাক শিবিৰত ঢালি-বাকী দিছে হাঁহি-আনন্দৰ বিৰল মুহূৰ্ত। ভাৰতক হৰুৱাই আনন্দিত পাকিস্তানী ক্ৰিকেটাৰো। এনেতে লাগিল কেনা। বিজয়ী আনন্দত আত্মহাৰা পাকিস্তানী অল ৰাউণ্ডাৰ মহম্মদ হাফিজৰ অৱস্থা তথৈবচ। মেচখন জিকাৰ পাছত উলাহতে চিঞৰি-চিঞৰি প্ৰচণ্ড ডিঙিত বিষত ভুগিছে পাক অলৰাউণ্ডাৰগৰাকী। এই সন্দৰ্ভত পাকিস্তানৰ প্ৰাক্তন অধিনায়ক মহম্মদ হাফিজে কয়, ‘ভাৰতৰ বিৰুদ্ধে আমাৰ এয়া অতি আৱেগিক জয় আছিল। আমি খুব আনন্দিত । ইমান চিঞৰিছো যে, ডিঙিৰ বিষ হৈ গৈছে, এতিয়াও সেই বিষ আছে। যিকোনো জয়ে দলটোৰ প্ৰতিগৰাকী খেলুৱৈকে আত্মবিশ্বাস প্ৰদান কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত যদি বিজয়ী হোৱা যায় তেতিয়া ইয়াৰ গুৰুত্ব অনন্য। আমি সকলোৱে এই জয়ৰ ধাৰা বজাই ৰাখিবলৈ চেষ্টা কৰিম।’ স্মৰ্তব্য যে, পাকিস্তানে লীগ মেচৰ দুয়োখনতে জয়লাভ কৰিছে। ৪পইণ্টেৰে তালিকাৰ শীৰ্ষ স্তানত আছে পাকিস্তান।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular