spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeআঞ্চলিকএশ গৰু মাৰিলে বাঘৰো মৰণ: আৰক্ষীৰ জিম্মাত অসুস্থ হৈ পৰা ৰৌণক আলী...

এশ গৰু মাৰিলে বাঘৰো মৰণ: আৰক্ষীৰ জিম্মাত অসুস্থ হৈ পৰা ৰৌণক আলী কেনে আছে?

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে অসুস্থ হৈ পৰা আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক ৰৌণক আলী হাজৰিকা ক্ৰমাৎ সুস্থ হৈ উঠিছে৷ বৰ্তমানেও গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে নিলম্বিত মহাপৰিদৰ্শকগৰাকী৷ উল্লেখ্য যে, লকআপৰ ভিতৰতে অসুস্থ হৈ পৰিছিল তেওঁ৷ বুধবাৰে নিশা বুকুৰ বিষত ভুগিছিল তেওঁ৷ হৃদৰোগত আক্ৰান্ত হোৱাত নিলম্বিত বিষয়াজনক প্ৰথমে এমএমচিএইচত ভৰ্তি কৰোৱা হৈছিল৷ তাৰপাছত স্বাস্থ্য অধিক অৱনতি ঘটাত এমএমচিএইছৰ পৰা জিএমছিএইচলৈ লৈ প্ৰেৰণ কৰা হৈছিল হাজৰিকাক৷

এশ গৰু মাৰিলে হয় বাঘৰো মৰণ। বিভিন্ন বে-আইনী কাৰ্যৰে জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ হৈ নিলম্বন কৰা হৈছিল আৰক্ষীৰ উপ মহাপৰিদৰ্শকগৰাকীক৷ এসময়ৰ আৰক্ষী বিভাগৰ উঠি ৰজা-বহি ৰজা হিচাপে চিনাকী ৰৌণক আলীৰ বৰ্তমান অৱস্থা শোচনীয়৷ বে-আইনী প্ৰক্ৰিয়াৰে ৰৌণক আলীয়ে গঢ়িছিল অগাধ সম্পত্তি৷ ইপিনে সাধাৰণ লোকক জেলত সুমুৱাৰ ভাবুকি দি সৰকাইছিল ধন৷

পিছে কথাতে কয় নহয়, একালৰ বৃন্দাবন একালত পৰে ছন৷ ৰৌণক আলীৰ ক্ষেত্ৰতো একেই হ’ল৷ বৰ্তমানে হাস্পতালৰ আইচিইউৰ বিছনাত ৰোগৰ সৈতে যুঁজি আছে নিলম্বিত ডিআইজি গৰাকী৷ তেজৰ সকলো পৰীক্ষাত সঠিক ৰূপে লাভ কৰিছে মন্তব্য কৰে হাজৰিকাৰ চিকিৎসকে৷ আনহাতে হৃদৰোগৰ বৰ্তমান কোনোধৰণৰ সমস্যা নাই বুলিও অবিহিত কৰে জিএমচিএইচৰ অধীক্ষক অভিজিৎ শৰ্মাই৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular