spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকবাৰে বাৰে উকলিছে ‘কা’ বিধি প্ৰস্তুতৰ সময়সীমা; বিজেপিৰ বাবে আইন কেৱল ৰাজনৈতিক...

বাৰে বাৰে উকলিছে ‘কা’ বিধি প্ৰস্তুতৰ সময়সীমা; বিজেপিৰ বাবে আইন কেৱল ৰাজনৈতিক ইছ্যুহে নেকি?

ডিজেটেল ডেস্ক : নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু তাৰ পাছত নাগৰিকত্ব সংশোধনী আইনক লৈ দেশজুৰি যি অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ জুয়ে পোৰা স্মৃতি এতিয়াও মাৰ যোৱা নাই। তীব্ৰ গণতান্ত্ৰিক আন্দোলন এটাই কিদৰে লাহে লাহে হিংসাত্মক ৰূপ গ্ৰহণ কৰিছিল আৰু ধন-জনৰ ক্ষতিৰ কাৰণ হৈ পৰিছিল সেয়া দেশবাসীৰ অবিদিত নহয়। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰ এখনৰ অনমনীয় ৰূপ আৰু দমন নীতিৰ বাবেই পৰিস্থিতিৰ অতি দ্ৰুত অৱনতি ঘটিছিল। সমগ্ৰ দেশৰ বিশেষকৈ অসম আৰু উত্তৰ পূবৰ জনগণৰ প্ৰবল প্ৰতিৰোধ নেওচি কেন্দ্ৰীয় চৰকাৰে সংখ্যাৰ জোৰত গৃহীত কৰিছিল নাগৰিকত্ব সংশোধনী আইন। অসমত পাঁচজনকৈ লোক শ্বহীদ হৈছিল ‘কা’ আন্দোলনত।

কিন্তু ইয়াৰ পিছৰ পৰিস্থিতি কি হ’ল? ‘কা’বলৱৎ কৰিবলৈ সেই সময়ত সৰ্বশক্তি প্ৰয়োগ কৰা কেন্দ্ৰীয় চৰকাৰে কা গৃহীত হোৱাৰ পাছত ইয়াৰ বিধি প্ৰস্তুত কৰিবলৈকে সক্ষম নহ’ল। তিনিবাৰকৈ সময়সীমা উকলি যোৱাৰ পাছতো প্ৰস্তুত নহ’ল নাগৰিকত্ব সংশোধনী আইনৰ বিধি। তৃতীয়বাৰলৈ বিধি প্ৰস্তুত কৰাৰ সমসীয়া উকলি যোৱাৰ পূ্ৰ্বে সংসদীয় কমিটীয়ে বিধি প্ৰস্তুত কৰি উলিয়াব নোৱৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। মন কৰিবলগীয়া যে, ২০১৯চনৰ ডিচেম্বৰ মাহকে ‘কা’ সম্পৰ্কীয় জাননী জাৰি কৰা হৈছিল। ইয়াৰ পাছত ভাৰতৰ চুবুৰীয়া পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ ধৰ্মীয় সংখ্যালঘু নাগৰিকক দেশক নাগৰিকত্ব দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল।

কিন্তু নাগৰিকত্ব দিয়াৰ পূৰ্বে আইনৰ বিধি প্ৰস্তুত কৰাটো যিহেতু জৰুৰী সেয়ে এই বিধি প্ৰস্তুতৰ বাবে সংসদীয় কমিটীক দায়িত্ব অৰ্পন কৰা হৈছিল। ২০২১চনৰ ৯ এপ্ৰিলতে প্ৰথমে বিধি প্ৰস্তুতৰ বাবে প্ৰথমে পদক্ষেপ গ্ৰহণ কৰা হৈছিল যদিও সেয়া ব্যৰ্থ হৈছিল। দ্বিতীয়বাৰো নিৰ্দিষ্ট সময়সীমা উকলি যোৱাত তৃতীয়বাৰ এই সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল ২০২২চনৰ ৯ জানুৱাৰী। কিন্তু এই সময়সীমাও এতিয়া উকলি গ’ল। যিখন আইন বলৱৎ কৰিবলৈ কেন্দ্ৰই সকলো বাধা-প্ৰতিৰোধক ভৰিৰে মোহাৰি পেলাবলৈ উদ্যত হৈছিল সেই আইনখনৰ বিধি প্ৰস্তুতৰ বাবে এনেদৰে বাৰম্বাৰ সময়সীমা উকলি যোৱাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

কেন্দ্ৰই নাগৰিকত্ব সংশোধনী আইনক কেৱল এটা ৰাজনৈতিক ইছ্যু হিচাপেহে ব্যৱহাৰ কৰি গৈছে নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। কিয়নো যি সময়ত ‘কা’ গৃহীত কৰাৰ বাবে চৰকাৰ উঠি পৰি লাগিছিল সেই সময়ত পশ্চিমবংগ, অসমকে ধৰি কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচন আছিল। অসমত ‘কা’বিৰোধী আন্দোলনৰ ব্যাপকত্বলৈ লক্ষ্য কৰি কেন্দ্ৰ আৰু ৰাজ্যৰ বিজেপি নেতৃত্বই কাৰ প্ৰসংগ নিৰ্বাচনৰ সময়ত বৰকৈ উত্থাপন কৰা নাছিল। কিন্তু তাৰ বিপৰীতে পশ্চিমবংগত বিজেপিয়ে ‘কা’ক এটা ইছ্যু হিচাপে গ্ৰহণ কৰিছিল আৰু ‘কা’ বলৱত কৰাৰ বাবে তেওঁলোক কিমান বদ্ধপৰিকৰ সেয়া বাৰম্বাৰ সোঁৱৰাই দিছিল।

কিন্তু নিৰ্বাচনৰ পাছতে পুনৰ সকলো তাপ মৰা দেখিবলৈ পোৱা গৈছিল। শেহতীয়াকৈ দেখা গৈছে যে, বিজেপি চৰকাৰে গাৰ জোৰেৰে গৃহীত কৰা বিভিন্ন আইনৰ ক্ষেত্ৰত তেওঁলোকে নিজৰ স্থিতি ধৰি ৰাখিব পৰা নাই। বৰং তিমি বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে। স্বয়ং প্ৰধানমন্ত্ৰীয়ে প্ৰতিবাদী কৃষকৰ কাষত ক্ষমা বিচাৰিছে। এনেবোৰ কথাই বিজেপি চৰকাৰখনৰ সিদ্ধান্তবোৰৰ প্ৰতি মানুহৰ সন্দিহান কৰি তুলিছে। আগ নুগুণি পাছ গুণা ধৰণৰ মানসিকতাৰে বিজেপিয়ে আইন গৃহীত কৰিছে ঠিকেই কিন্তু জনতা জনাৰ্দনক অসন্তুষ্ট কৰি তেওঁলোকে অধিক আগুৱাবলৈও সাহস কৰিব পৰা নাই। ‘কা’ৰ ক্ষেত্ৰতো হয়তো সেয়াই হৈছে। বিধি প্ৰৱৰ্তন নকৰাকৈ এটা অমীমাংসিত ৰাজনৈতিক বিষয় হিচাপে ‘কা’ক ওলোমাই ৰাখিছে বিজেপি চৰকাৰে। এই কূটিল ৰাজনীতিৰ মূল্য আদায় দিবলগীয়া হৈছে দেশৰ সাধাৰণ জনগণে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular