ডিজিটেল ডেস্কঃ ড্ৰাগ্ছৰ প্ৰভাৱে বৰ্তমানৰ যুৱচামক এক অনিশ্চিত ভৱিষ্যতলৈ লৈ গৈছে। ড্ৰাগ্ছ আসক্তি বর্তমান সময়ত সমগ্ৰ বিশ্বতে এক ভয়াৱহ সমস্যা হিচাপে পৰিগণিত হৈছে। ড্ৰাগছৰ ভয়ংকৰ কবলত পৰিছে অসমো।
ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত ইমান বেছিকৈ শিপাই গৈছে যে যাৰ পৰিণতিত ধ্বংস হৈছে বহু পৰিয়াল।
ড্ৰাগছ আসক্তি কিমান ভয়াৱহ সেয়া কেৱল ভুক্তভোগীয়েগে বুজি পায়।
তিনিচুকীয়াত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। পুত্ৰৰ চোকা অস্ত্ৰৰ আঘাতত প্ৰাণ গ’ল পিতৃৰ।
নিহত পিতৃৰ নাম অশ্বিনী দত্ত। তিনিচুকীয়া চলিহা নগৰত সংঘটিত হৈছে এই চাঞ্চল্যৰ হত্যাকাণ্ড।
ঘটনাস্থলীত উপস্থিত তিনিচুকীয়া সদৰ আৰক্ষী৷ ড্ৰাগছ আসক্ত হত্যাকাৰী অৰিন্দম দত্তক আটক তিনিচুকীয়া আৰক্ষীৰ৷
ড্ৰাগছ আসক্ত তোলনীয়া পুত্ৰই অতি নৃশংসভাৱে হত্যা কৰে পিতৃক৷
ড্ৰাগছৰ বাবেই সংঘটিত হোৱা এই ঘটনাই একবিংশ শতিকাৰ মানৱ সমাজলৈ ভয়াৱহ ইংগিত কঢ়িয়াই আনিছে৷
ঘটনাটোকলৈ সমগ্ৰ তিনিচুকীয়া তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।
Leave A Comment