spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeআঞ্চলিকপৰীক্ষা গৃহতে হঠাতে ঢলি পৰি মৃত্যুক সাবটিলে বিপাঞ্চি বাৰ্বীয়ে : চাঞ্চল্য অব্যাহত...

পৰীক্ষা গৃহতে হঠাতে ঢলি পৰি মৃত্যুক সাবটিলে বিপাঞ্চি বাৰ্বীয়ে : চাঞ্চল্য অব্যাহত…

তিনিচুকীয়া: তিনিচুকীয়াৰ এখন বিদ্যালয়ত আজি সংঘটিত হ’ল এক শোকাৱহ ঘটনা৷ এগৰাকী ছাত্ৰী পৰীক্ষা দিবলৈ আহি পৰীক্ষা হলতে হঠাতে ঢলি পৰি মৃত্যুক সাবটি লোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ তিনিচুকীয়াৰ সৌমাৰজ্যোতি বিদ্যালয়ত আজি পুৱা এই অঘটন ঘটে৷

উল্লেখ্য যে, নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰাকক্ষণত বিপাঞ্চি বাৰ্বী গগৈ নামৰ ছাত্ৰীগৰাকী হঠাতে ঢলি পৰে৷ ততাতৈয়াকৈ অসুস্থ ছাত্ৰীগৰাকীক শিক্ষকসকলে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে ছাত্ৰীগৰাকীক মৃত ঘোষণা কৰে৷

ছাত্ৰীগৰাকীৰ ঘৰ মাকুমজ্যোতি নগৰত৷ অৱশ্যে কি কাৰণত ছাত্ৰীগৰাকী হঠাতে এইদৰে ঢলি পৰি মৃত্যু ঘটিল তাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৰণোত্তৰ পৰীক্ষাৰ পাছতহে জানিব পৰা যাব মৃত্যুৰ প্ৰকৃত কাৰণ৷ অতি অমায়িক আৰু মেধাৱী ছাত্ৰীগৰাকীৰ এনে মৃত্যুত যথেষ্ট শোকাহত হৈ পৰিছে শিক্ষকবৃন্দৰ লগতে ছাত্ৰ-ছাত্ৰীও৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular