spot_img
20 C
Guwahati
20 C
Guwahati
দেওবাৰ, জানুৱাৰী 23, 2022
Homeৰাষ্ট্ৰীয়আজি ভাৰতীয় সেনা দিৱস: ভাৰত-পাক যুদ্ধস্থলীত প্ৰদৰ্শিত হ’ব খাদী পতাকা

আজি ভাৰতীয় সেনা দিৱস: ভাৰত-পাক যুদ্ধস্থলীত প্ৰদৰ্শিত হ’ব খাদী পতাকা

ডিজিটেল ডেস্ক: ১৯৭১ চনৰ ভাৰত-পাকিস্তানৰ যুদ্ধস্থলী লংগেৱালাত প্ৰদৰ্শিত হ’ব বিশ্বৰ সৰ্ববৃহৎ খাদী ৰাষ্ট্ৰীয় পতাকা৷ আজি ভাৰতীয় সেনা দিৱসৰ সৈতে সংগতি ৰাখি ভাৰত-পাকিস্তান সীমান্তত খাদী কাপোৰেৰে নিৰ্মিত বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় পতাকা মনুমেণ্টেল নেচনেল ফ্লেগ প্ৰদৰ্শন কৰা হ’ব।

এয়া পতাকাখনৰ পঞ্চম ৰাজহুৱা প্ৰদৰ্শন হ’ব। যোৱা বছৰৰ ২ অক্টোবৰত লেহত উন্মোচন হোৱাৰ পিছত এইটো ৰাষ্ট্ৰীয় পতাকাৰ পঞ্চম ৰাজহুৱা প্ৰদৰ্শন হ’ব। পাছলৈ ২০২১ বৰ্ষৰ ৮ অক্টোবৰত বায়ু সেনা দিৱস উপলক্ষে হিন্দন এয়াৰবেচত আৰু সেই বৰ্ষৰে ২১ অক্টোবৰত ভাৰতত ক’ভিড-১৯ৰ ১০০ কোটি টিকাকৰণ উপলক্ষ্যে লালকিল্লাত প্ৰদৰ্শন কৰা হৈছিল, আৰু, যোৱা ৪ ডিচেম্বৰত মুম্বাইৰ গেটৱে’ অৱ ইণ্ডিয়াৰ ওচৰৰ নেভেল ডকয়াৰ্ডত নৌ সেনা দিৱস উদযাপনৰ বাবে মনুমেণ্টেল নেচনেল ফ্লেগ প্ৰদৰ্শন কৰা হয়।

ভাৰতীয়ত্বৰ সামূহিক মনোভাৱ আৰু খাদীৰ ঐতিহ্যমণ্ডিত কাৰুশিল্পৰ প্ৰতীক মনুমেণ্টেল নেচনেল ফ্লেগক খাদী আৰু ভিলেজ ইণ্ডাষ্ট্ৰিজ কমিছনে (কেভিআইচি) স্বাধীনতাৰ ৭৫ বছৰীয়া ‘আজাদী কা অমৃত মহোৎসৱ’ উদযাপন কৰিবলৈ ধাৰণা আৰু প্ৰস্তুত কৰিছে। খাদী পতাকাখনৰ জোখ দীঘলে ২২৫ ফুট,১২৫ ফুট বহল আৰু প্ৰায় ১৪০০ কিলোগ্ৰাম ওজনৰ৷ ৭০ জন খাদী শিল্পীয়ে এই পতাকাখন প্ৰস্তুত কৰিবলৈ ৪৯ দিন সময় লৈছিল।

মনুমেণ্টেল নেচনেল ফ্লেগ নিৰ্মাণৰ বাবে খাদী শিল্পী আৰু সহযোগী শ্ৰমিকসকলৰ বাবে প্ৰায় ৩,৫০০ ঘণ্টা অতিৰিক্ত কামৰ প্ৰয়োজন আছিল। মুঠ ৩৩,৭৫০ বৰ্গফুট এলেকা আৱৰি থকা পতাকাখন তৈয়াৰ কৰাত ৪,৫০০ মিটাৰ হাতেৰে কটা, হাতেৰে বোৱা খাদী কপাহৰ বাণ্টিং ব্যৱহাৰ কৰা হৈছে। পতাকাত থকা ‘অশোক চক্ৰ’ৰ ব্যাস ৩০ ফুট।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular