আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু; ভোগৰ ভোগজৰা উপচি পৰক প্ৰতিজন অসমীয়াৰ

85
ভোগালী বিহু
আজি অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু; ভোগৰ ভোগজৰা উপচি পৰক প্ৰতিজন অসমীয়াৰ

ডিজিটেল ডেস্কঃ আজি অসমীয়াৰ অতিকৈ আদৰৰ হেঁপাহৰ ভোগালী বিহু। উৰুকাৰ নিশা সকলোৱে মিলি জিলি প্ৰীতিভোজ খোৱাৰ পাছত প্ৰতিগৰাকী অসমীয়াই আজিৰ দিনটোত পালন কৰিছে হেঁপাহৰ ভোগালী বিহু। আঘোনত খেতি চপাই পুহ-মাঘৰ সংক্ৰান্তিত উৰুকাৰ ভোজত সকলোৱে লগে ভাগে এসাঁজ খাই আজি হেঁপাহৰ বিহুটিক আদৰিছে সকলোৱে। মেজিত জুই লগাই এই মন্ত্ৰফাঁকি গাই অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰিছে ৰাইজে।
অগ্নিং প্ৰজ্জ্বলিতং বন্দে চতুৰ্ব্বেদং হুতাশনং৷
সুবৰ্ণ-বৰ্ণমমলং জ্যোতি ৰূপায় তে মন:৷৷

সকলো অপায় অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা কৰি পুৱাই মেজি জ্বলালে। অসমৰ প্ৰতিটো প্ৰান্তে পালন কৰা হৈছে হেঁপাহৰ ভোগালী বিহু। কৰ’না আতংকৰ মাজতো অসমীয়াই উলহ-মালহেৰে পালন কৰিছে মাঘ বিহু। আজি পুৱাই গা-পা ধুই, পৱিত্ৰ হৃদয়েৰে মেজিথলীলৈ আহি মেজি জ্বলাই অগ্নিসেৱা কৰিলে অসমীয়াই ৷লগতে মেজিৰ জুইত সকলো অপায়-অমংগল, দুখ-দুৰ্দশা নাশ কৰাৰ বাবে জনসাধাৰণে কৰিলে প্ৰাৰ্থনা। মেজি জ্বলোৱাৰ পাছতে সৰুৱে ডাঙৰক সেৱা জনাই আৰ্শীবাদ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে জা-জলপান, পিঠা-পনা, ভিন ভিন প্ৰকাৰৰ লাডু, মাহ কঢ়াই আদি খাই ভোগালীৰ আনন্দ উপভোগ কৰিছে ৰাইজে।

ভোগালী বিহুৰ আনন্দত এতিয়া অসমীয়াৰ হিয়া সাতখন-আঠখন। মেজিৰ জুইৰ কাষত বহি পিঠা-পনা, লাৰুৃ, জা-জলপানৰ সোৱাদ লৈছে অসমীয়াই। কৃষিজাত সামগ্ৰীৰ পৰা আৰম্ভ কৰি ভিন ভিন তৰহৰ খাদ্য দ্ৰব্য উভৈনদী হৈ পৰা বাবে এই বিহুক ভোগৰ উৎসৱ বুলি কোৱা হয়। মাঘ বিহুক কেন্দ্ৰ কৰি ৰাজ্যখনৰ সকলো ঠাইতে ব্যাপক উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে।

উল্লেখযোগ্য যে, শস্য চপোৱাৰ বতৰৰ সৈতে সংগতি ৰাখি ভাৰতৰ অন্যান্য প্ৰান্ততো ভিন ভিন নামেৰে উৎসৱ পালন কৰা হৈছে। তামিলনাডুত পুংগল, গুজৰাট, পশ্চিমবংগ আৰু কৰ্ণাটকত মকৰ সংক্ৰান্তি আৰু উত্তৰ ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশকে ধৰি ৰাজ্যসমূহত লহৰি হিচাপে এই উৎসৱ পালন কৰা হয়৷ প্ৰাগ নিউজৰ ফালৰ পৰাও অসমবাসীৰ লগতে দেশে-বিদেশে থকা প্ৰতিজন অসমীয়াক জনালোঁ ভোগালী বিহুৰ হিয়াভৰা ওলগ আৰু শুভকামনা।