spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
Homeআঞ্চলিকআজি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ১০ সংখ্যক মৃত্যু বাৰ্ষিকী...

আজি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ১০ সংখ্যক মৃত্যু বাৰ্ষিকী…

ডিজিটেল ডেস্কঃ মানুহে মানুহৰ বাবে
যদিহে অকনো নেভাবে
অকনি সহানুভূতিৰে
ভাবিব কোনেনো কোৱা সমনীয়া?


আজি বিশ্ববৰেণ্য শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ ১০ সংখ্যক মৃত্যু বাৰ্ষিকী৷ অসমীয়া সংগীত জগতত সদায় ভোটা তৰাৰ দৰে জিলিকি থকা এই মহান শিল্পীগৰাকী যদিও কায়িকভাৱে আমাৰ মাজত নাই, তথাপিও আমি তেওঁৰ মৰ্ম পলে-পলে অনুভৱ কৰি আহিছো৷ ভূপেন হাজৰিকাই অসমীয়া সংগীত জগতৰ এজন যুগদস্তা আছিল, যিজনে আজীৱন কেৱল সংগীতৰ নামতে জীৱনটো উচৰ্গিত কৰিলে৷

বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দৰে মহান শিল্পীসকলৰ সান্নিধ্য লাভ কৰা ভূপেন হাজৰিকাই বিশ্বৰ দৰবাৰত অসম তথা অসমীয়া বুলি আমাক পৰিচয় কৰাই থৈ গ’ল৷ সাগৰ সংগমত সাঁতুৰি-নাদুৰি ভূপেন দাই গাই গ’ল এটাৰ পাছত আন এটা গীত,কৰি গ’ল তেওঁ এটাৰ পাছত এটাকৈ সৃষ্টি কিন্তু জনতাৰ শিল্পীগৰাকী কেতিয়াও থমকি নৰ’ল। ভূপেন হাজৰিকাই যাযাবৰী মনেৰে বিশ্বৰ বিভিন্ন প্ৰান্তত ঘূৰি ফুৰি বিভিন্ন পৰিস্থিতি দেখি-শুনি বহুতো গীত ৰচনা কৰি থৈ গ’ল। ভূপেন হাজৰিকা আজি ও অসমীয়াৰ মনত আৰু প্ৰাণত যাযাবৰৰ দৰে বিচৰণ কৰি আছে যাৰ কেতিয়াও অন্ত নপৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular