spot_img
28 C
Guwahati
28 C
Guwahati
শনিবাৰ, অক্টোবৰ 16, 2021
Homeজীৱন শৈলীৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

ৰাশিফলত আজিৰ দিনটো, কেনে হ’ব আপোনাৰ?

২২ আহিন, শনিবাৰ, ইং ৯ অক্টোবৰ-২০২১


মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভোজন-বিলাস বাঢ়িব, কৃষকসকলৰো শুভ দিন, লগতে ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হ’ব, শিল্পীসকলৰ শুভ হ’ব, লগতে আজি আপোনাৰ আত্মীয়ৰ আগমন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ’ব, কৰ্মব্যস্ততা বাঢ়িব লগতে আজি আপোনাৰ ধন-সন্মান লাভ হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, কৰ্মক্ষেত্ৰ সফল হ’ব যদিও আজি আপুনি সজাগ নহ’লে আপোনাৰ দ্ৰব্য নাশ বা সামান্য ক্ষতি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত জ্ঞান আহৰণৰ সুযোগ লাভ কৰিব কৰ্মক্ষেত্ৰ প্ৰেৰণা লাভ কৰিব, লগতে আজি আপুনি সজাগ নহ’লে শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সামাজিক কৰ্মত জড়িত হোৱাৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনলৈ হতাশাৰ ভাব আহিব পাৰে লগতে মনতো সামান্য চঞ্চল হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ’ব, মনলৈ সামান্য উদ্বিগ্নতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থীসকলৰ শুভ হ’ব, পাৰিবাৰিক দিশত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বাঢ়িব, প্ৰেমত শুভ হ’ব লগতে আজি আপোনাৰ ভ্ৰমণৰ সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : এই ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ভোজন-বিলাস বাঢ়িব যদিও আজি মনত সামান্য উদ্বেগ ভাব বাঢ়িব। লগতে মনত সামান্য জেদ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত ব্যৱসায়িক দিশত উন্নতি হ’ব, বন্ধু লাভ হ’ব যদিও আজি আপুনি কৰ্মক্ষেত্ৰত সজাগ হোৱা ভাল।

মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত যশস্যা বাঢ়িব। কৰ্মত শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য এলাহ ভাব বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular