spot_img
16 C
Guwahati
16 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকভয়ংকৰ পথদুৰ্ঘটনা! গুৰুতৰভাৱে আহত চালক

ভয়ংকৰ পথদুৰ্ঘটনা! গুৰুতৰভাৱে আহত চালক

হাইলাকান্দিঃ হাইলাকান্দিত ভয়ংকৰ পথদুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাবিত বাগৰি পৰিল চুপাৰিভৰ্তি ট্ৰাক। সংকটজনক অৱস্থা গাড়ীৰ চালক জনৰ। বুধবাৰে হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৱৰ্তী ৰামনাথপুৰ এলেকাত সংঘটিত হৈছে এই দুৰ্ঘটনা।

১৫৪ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ১০০ ফুট তলৰ হাবিত বাগৰি পৰে এটা ট্ৰাকখন। ট্ৰাকখন মিজোৰামৰ ফালৰ পৰা হাইলাকান্দি অভিমুখে গৈ আছিল । গাড়ীখন মজুত আছিল প্ৰায় ৬০ বেগ চুপাৰি । কিন্তু দুৰ্ঘটনাৰ পাছতে কিছু দুষ্কৃতিয়ে লুটি নিয়ে প্ৰায় ২০বেগ চুপাৰি। পাছত আৰক্ষী ঘটনাস্থলীত উপস্হিত হৈ বাকী ৪০ বেগ চুপাৰি জব্দ কৰি থানালৈ লৈ যায়।

ইপিনে, এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে গাড়ীৰ চালক জব্বাৰ হুছেইন বৰভূঞা । গুৰুতৰ অৱস্থাত তাক ইতিমধ্যে শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে । এই সন্দৰ্ভত হাইলাকান্দি আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও সংবাদ মাধ্যমত মন্তব্য দিয়াৰ পৰা বিৰত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular