spot_img
27 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeক্ৰীড়াকোনে মাৰিব শেষ হাঁহি? স্বপ্নপূৰণৰ দিশে সিন্ধু

কোনে মাৰিব শেষ হাঁহি? স্বপ্নপূৰণৰ দিশে সিন্ধু

ট’কিঅ’ : আজি আবেলি ৩-২০ত বজাত অলিম্পিকৰ ছেমি ফাইনেলত টাই-জু-ইঙৰ মুখামুখি হ’ব ভাৰতীয় বেডমিণ্টন তাৰকা পিভি সিন্ধু। সিন্ধুৱে জয়ৰ ধাৰাবাহিকতা অব্যাহত ৰাখিব পাৰিব বুলি গভীৰ আশাবাদী ক্ৰীড়ানুৰাগী। প্ৰতিপক্ষৰ খেলুৱৈক পৰাভূত কৰি পূৰ্বৰ খেলসমূহত চমকপ্ৰকদ প্ৰদৰ্শন দাঙি ধৰিছিল সিন্ধুৱে। উল্লেখ্য যে, টাই-জু-ইঙৰ সৈতে পিভি সিন্ধুৰ প্ৰদৰ্শন অত্যন্ত হতাশাজনক। অন্তিম ১১খন খেলৰ ৯খনতে পৰাস্ত হৈছে সিন্ধু। শনিবাৰে ট’কিঅ’ অলিম্পিকত মহিলাৰ একক বেডমিণ্টনৰ ছেমি ফাইনেলত দুয়োজন এথলীটে জয়লাভৰ উদ্দেশ্যে সমুখ-সমৰত অৱতীৰ্ণ হ’ব। বিশ্বৰ আগশাৰীৰ বেডমিণ্টন তাৰকাগৰাকীৰ সৈতে অৱতীৰ্ণ হোৱা সিন্ধুৱে পূৰ্বৰ পৰাজয়ৰ গ্লানি মোহাৰি নতুন দিগন্তৰ সূচনা কৰিব পাৰিব বুলি আশা কৰিছে দেশবাসীয়ে।
সিন্ধুৱে এতিয়ালৈকে ৫টা বিশ্ব চেম্পিয়নশ্বিপৰ পদক লাভ কৰিছে। অলিম্পিকত ৰূপৰ পদকো লাভ কৰা সিন্ধুৱে টাই-জু-ইঙৰ ৰহস্যজনক কৌশলক কিদৰে প্ৰতিহত কৰে, সেয়াহে হ’ব লক্ষ্যণীয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Sat
33 °
Sun
33 °
Mon
31 °
Tue
30 °
Wed
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular