spot_img
24.8 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeৰাষ্ট্ৰীয়লাইভত সুধিলে নীৰজ চোপ্ৰাৰ যৌন জীৱনৰ কথা: ক্ষোভত কি ক’লে নীৰজে?

লাইভত সুধিলে নীৰজ চোপ্ৰাৰ যৌন জীৱনৰ কথা: ক্ষোভত কি ক’লে নীৰজে?

ডিজিটেল ডেস্কঃ টকিঅ’ অলিম্পিকৰ স্বৰ্ণজয়ী নীৰজ চোপ্ৰা এতিয়া সমগ্ৰ দেশবাসীৰেই নয়নৰ মণি। বিভিন্ন সংবাদ প্ৰতিষ্ঠানে তেওঁৰ সাক্ষাৎকাৰৰ অনুষ্ঠান পৰিৱেশন কৰিছে। নীৰজ চোপ্ৰাইও যথাসম্ভৱ সাক্ষাৎকাৰৰ অনুষ্ঠানসমূহত ভাগ লৈছে, বিভিন্ন প্ৰশ্নৰ উত্তৰ দিছে। কিন্তু শেহতীয়াকৈ এক সাক্ষাৎকাৰ অনুষ্ঠানৰ এটি প্ৰশ্নৰ উত্তৰ দিবলৈ অমান্তি হ’ল নীৰজ। তাৰো কাৰণ আছে।


দৰাচলতে প্ৰশ্নটোৱেই আছিল আপত্তিজনক আৰু অস্বস্তিকৰ। ইতিহাসবিদ ৰাজীৱ শেঠীয়ে সাক্ষাৎকাৰ অনুষ্ঠানৰ মাজতে সুধিলে সেই অবাঞ্চিত প্ৰশ্ন।
প্ৰশ্নটো আছিল, “ক্ৰীড়াৰ অনুশীলনৰ ব্যস্ততাৰ মাজত আপুনি আপোনাৰ যৌন জীৱনৰ ভাৰসাম্যতা কিদৰে বজাই ৰাখিছিল”? অৱশ্যেই প্ৰথমবাৰ প্ৰশ্নটোৰ উত্তৰ দিবলৈ অমান্তি হয় নীৰজ। তেওঁৰ মুখমণ্ডলত প্ৰকট হৈ পৰে অস্বস্তিৰ ভাৱ। কিন্তু শেঠীও হাৰ মনা ভকত নহয়। তেওঁ পুনৰাই কৰে একেই প্ৰশ্ন। এইবাৰ নীৰজৰ উত্তৰ- – “ছ’ৰি ছাৰ, আই হেভ চেইড ছ’ৰি!”


যি নহওঁক, এইবাৰহে যেন সম্বিৎ ঘুৰি আহিল সাক্ষাৎ গ্ৰহণকাৰী ৰাজীৱ শেঠীৰ। নিজৰ প্ৰশ্নটোৰ বাবে ক্ষমা বিচাৰিলে তেওঁ।কিন্তু ইতিমধ্যেই নীৰজ চোপ্ৰাই অনলাইন ইণ্টাৰভিউটোৰ সংযোগ বিচ্ছিন্ন কৰি দিয়ে। স্ংযোগ বিচ্ছিন্ন কৰাৰ আগেয়ে তেওঁ কয়, “আপোনাৰ প্ৰশ্নৰে মোৰ মন ভৰি গ’ল” (আপকে কুৱেশ্যন সে মন ভৰ গেয়া মেৰা)।
যি নহওঁক, ইতিমধ্যেই এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। আৰু প্ৰত্যেকেই দিছে প্ৰশ্নকৰ্তা শেঠীক ধিক্কাৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular