spot_img
24.8 C
Guwahati
Thursday, September 23, 2021
spot_img
Homeক্ৰীড়া২১ বছৰীয়া অপেক্ষাৰ অন্ত : উৎফুল্লিত প্ৰধানমন্ত্ৰীয়ে দিলে কি বাৰ্তা?

২১ বছৰীয়া অপেক্ষাৰ অন্ত : উৎফুল্লিত প্ৰধানমন্ত্ৰীয়ে দিলে কি বাৰ্তা?

গুৱাহাটী : ‘ট’কিঅ’ অলম্পিকৰ ইয়াতকৈ আনন্দদায়ক আৰম্ভণি আৰু কি হ’ব পাৰে? মীৰাবাঈ চনুৰ অতি চমৎকাৰ প্ৰদৰ্শনে দেশক গৰ্বিত কৰি তুলিছে। ভাৰত্তোলনত ৰূপৰ পদক জয় কৰাৰ বাবে তেওঁ মই অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁৰ সাফস্যই প্ৰতিজন ভাৰতীয়কে অনুপ্ৰাণিত কৰি তুলিছে।’ ভাৰত্তোলনত ৰূপৰ পদক জয়েৰে ভাৰতৰ অলিম্পিক অভিযান আৰম্ভ কৰা মাৰাবাঈ চানুক এইবুলি অভিনন্দন জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

পদক জয়ৰ শুভবাৰ্তা প্ৰকাশৰ পাছতে এই অভিনন্দন বাৰ্তা প্ৰেৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। উল্লেখ্য যে, দেশক উৎফুল্লিত কৰি ভাৰতৰ হৈ এইবাৰৰ প্ৰথমটো অলিম্পিক পদক লাভ কৰিবলৈ সক্ষম হ’ল মীৰাবাঈ চানুৱে। ভাৰত্তোলনত পদকৰ বাবে ভাৰতৰ ২১ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই মহিলাৰ ৪৯ কিলোগ্ৰামৰ শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হ’ল মণিপুৰৰ জীয়ৰী মীৰাই।

২৬ বছৰীয় চানুৱে মুঠ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি পদক জয় কৰে। তেওঁ ৮৭ কিলোগ্ৰাম আৰু ১১৫কিলোগ্ৰামকৈ দুবাৰত এই পদকজয়ী প্ৰদৰ্শন কৰিবলৈ সক্ষম হ’ল। ইয়াৰ পূ্ৰ্বে ২০০০ চনত ছীডনী অলিম্পিকত শেষবাৰলৈ কৰ্নম মালেশ্বৰীয়ে ভাৰতৰ হৈ মহিলাৰ ভাৰত্তোলনত পদক জয় কৰিবলৈ সক্ষম হৈছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular