spot_img
31 C
Guwahati
Saturday, September 25, 2021
spot_img
Homeক্ৰীড়াজয়েৰে অভিযান আৰম্ভ পি ভি সিন্ধুৰ

জয়েৰে অভিযান আৰম্ভ পি ভি সিন্ধুৰ

ট’কিঅ’ : গ্ৰুপ লীগৰ প্ৰথম খেলত জয়েৰে অভিযান আৰম্ভ পি ভি সিন্ধুৰ। ভাৰতীয় বেডমিন্টন তাৰকা সিন্ধুৰ প্ৰদৰ্শনত নতজানু ইজৰাইলৰ প্ৰতিদ্বন্দ্বী কেছিনিয়া পলিকাৰপোভা। ২৮ মিনিটৰ খেলত ২৭-৭, ২১-১০ৰ ব্যৱধানত জে-গ্ৰুপৰ প্ৰথম খেলত বিজয়ী হয় সিন্ধু। জয়ৰ পাছত স্বাভাৱিকতে সুখী ভাৰতীয় তাৰকাগৰাকী। প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, ‘অভিজ্ঞতাৰ দিশৰ পৰাই হওক, শাৰীৰিক তথা মানসিকভাৱে হওক, মই যথেষ্ট সলনি হৈছো। ট’কিঅ’ অলিম্পিক ২০২০ টুৰ্নামেণ্টত সম্পূৰ্ণ পৃথক মানসিকতাৰে অংশ লৈছো।’


উল্লেখ্য যে, বিশ্ব ৰেংকিঙৰ সপ্তম স্থানত থকা সিন্ধুই প্ৰতিপক্ষৰ খেলুকৈক আজি কোনো সুৰুঙা দিয়া নাছিল। কেছিনিয়া পলিকাৰপোভাই খেলৰ প্ৰথমটো পইন্ট লাভ কৰিলেও সিন্ধুৰ দুৰ্দান্ত প্ৰত্যাৱৰ্তনত মোলান পৰি ৰয় ইজৰাইলৰ তাৰকা কেছিনিয়া পলিকাৰপোভা। ৰিঅ’ অলিম্পিকত ৰূপৰ পদক বিজয়ী সিন্ধুৰ স্বপ্ন ট’কিঅ’ত সোণৰ পদক আজুৰি অনাৰ।অৱশ্যে এই সপোনৰ পম খেদি প্ৰথমটো অভিযান জয়েৰে সামৰিছে সিন্ধুৱে। দেশবাসীৰ বাবে এয়া এক আশাৰ ৰেঙনি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
haze
31 ° C
31.4 °
31 °
74 %
0kmh
40 %
Sat
33 °
Sun
34 °
Mon
32 °
Tue
31 °
Wed
30 °

Watch latest Movies & TV Series on Prag Play

Most Popular