spot_img
27 C
Guwahati
Tuesday, September 21, 2021
spot_img
Homeক্ৰীড়াপেৰালিম্পিকত সুমিতৰ স্বৰ্ণজয়, ফোনযোগে শুভেচ্ছা মোদীৰ

পেৰালিম্পিকত সুমিতৰ স্বৰ্ণজয়, ফোনযোগে শুভেচ্ছা মোদীৰ

নতুন দিল্লীঃ ট’কিঅ’ পেৰালিম্পিকত স্বৰ্ণপদক জয় সুমিত আণ্টিলৰ। টকিঅ’ পেৰালিম্পিকত দেশৰ হৈ দ্বিতীয়টো সোণৰ পদক অৰ্জন সুমিতৰ। ভাৰতে জেভলিন থ্ৰ’ত মুঠ ৩টা পদক লাভ কৰিছে। সুমিতে পেৰালিম্পিকত তেওঁৰ প্ৰথম প্ৰয়াসত ৬৬.৯৫ মিটাৰ দূৰত্বত এটা জেভলিন দলিয়াই অভিলেখ গঢ়িছিল। দ্বিতীয় প্ৰচেষ্টাত ৬৮.০৮ মিটাৰ আৰু অন্তিম প্ৰচেষ্টাত ৬৮.৫৫ মিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল সুমিতৰ থ্ৰ’ৱে। সুমিতৰ বিজয়ত আনন্দিত সমগ্ৰ দেশ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুমিতক ফেনযোগে প্ৰশংসা কৰিছে।

সুমিতে সমগ্ৰ দেশক গৌৰৱান্বিত কৰা বুলি কোৱাৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘অনাগত দিনত দেশৰ যুৱ-প্ৰজন্মক আপোনাৰ সফলতাই অনুপ্ৰাণিত কৰিব। আপুনি সমগ্ৰ দেশৰ পৰিয়ালক গৌৰৱান্বিত কৰিছে।’ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ শুভেচ্ছাৰ উপৰি হাৰিয়ানা চৰকাৰেও এথলীটগৰাকীলৈ আগবঢ়াইছে বিশেষ কৃতজ্ঞতা। সুমিত আণ্টিলক ৬ কোটি টকাৰ লগতে এটা চৰকাৰী চাকৰি দিয়াৰ ঘোষণা হাৰিয়ানা চৰকাৰৰ। কেৱল সুমিতকে নহয়, হাৰিয়ানা চৰকাৰে ডিছকাছ থ্ৰ’য়াৰ যোগেশ কাথুনিয়াৰ বাবেও আকৰ্ষণীয় বঁটা ঘোষণা কৰিছে।

মনোহৰলাল খট্টৰৰ চৰকাৰে তেওঁক ৪ কোটি টকা প্ৰদানৰ ঘোষণা কৰিছে। চৰকাৰী চাকৰি প্ৰদানৰো প্ৰতিশ্ৰুতি চৰকাৰখনৰ। উল্লেখ্য যে, পেৰালিম্পিকলৈ যোৱাৰ পূৰ্বে, আনকি অলিম্পিকৰ সময়তো যোগেশ কাথানিয়াৰ নাছিল কোনো প্ৰশিক্ষক। প্ৰশিক্ষক অবিহনে ৰূপৰ পদক জিকি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে যোগেশে। আগন্তুক পেৰিছ পেৰালিম্পিকত যোগেশ কাথুনিয়াই দেশৰ হৈ স্বৰ্ণজয়ৰ প্ৰত্যাশা পূৰণৰ উদ্দেশ্যে অংশগ্ৰহণ কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
27 ° C
27 °
27 °
83 %
0kmh
75 %
Tue
27 °
Wed
28 °
Thu
32 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular