spot_img
20 C
Guwahati
20 C
Guwahati
সোমবাৰ, অক্টোবৰ 25, 2021
Homeআঞ্চলিককাইলৈ বিজয়া দশমী : কিদৰে সাজু কৰা হৈছে দেৱী বিসৰ্জন ঘাট?

কাইলৈ বিজয়া দশমী : কিদৰে সাজু কৰা হৈছে দেৱী বিসৰ্জন ঘাট?

ডিজিটেল ডেস্ক : এটা বছৰৰ বিৰতিৰ পাছত ক’ভিড বিধি মানি ৰাজ্যত পালন কৰা হ’ল শাৰদীয় দুৰ্গা পূজা৷ কাইলৈ অৰ্থাৎ শনিবাৰে পালন কৰা হ’ব বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীক বিদায় দিয়া হ’ব বিজয়াৰ সন্ধ্যাত। বিজয়া দশমীৰ দিনাখন দেৱী দুৰ্গাৰ প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে সাজু হৈছে পূজা কমিটীসমূহ। একেদৰেই সাজু কৰা হৈছে বিসৰ্জন ঘাটসমূহ।


কামৰূপ জিলা প্ৰশাসনে দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়াৰ বাবে নিৰ্ধাৰণ কৰি দিয়া মহানগৰীৰ অন্যতম ঘাট হ’ল নুনমাটি স্থিত চুণচালি-জয়পুৰ ঘাট। প্ৰতি বছৰৰ দৰে এই বেলিও নুনমাটি কেন্দ্ৰীয় নাগৰিক সমিতিৰ উদ্যোগত আৰু আভ্যন্তৰীণ জল পৰিবহণ, জিলা প্ৰসাশন, নুনমাটি আৰক্ষী থানা, আৰু গুৱাহাটী শোধনাগাৰৰ সহযোগত দেৱীৰ প্ৰতিমা বিসৰ্জনৰ বাবে সাজু কৰি তোলা হৈছে চুণচালি-জয়পুৰ ঘাট।

চুণচালি বিসৰ্জন ঘাটত দিনে নিশাই শ্ৰমিকসকলে কাম কাজ কৰি সাজু কৰি তোলাত ব্যস্ত হৈ পৰিছে। এই মুহূৰ্তলৈ চুণচালি ঘাটৰ প্ৰায় ৯০% কাম প্ৰায় সম্পূৰ্ণ হৈছে। আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে এইবেলি এই বিসৰ্জন ঘাটত চৰকাৰী নিৰ্দেশ অনুযায়ী ক’ভিড নীতি-নিয়ম মানি দিনৰ সময় ১০ বজাৰ পৰা আৰম্ভ হ’ব দেৱী প্ৰতিমা বিসৰ্জন। এইবেলি চুণচালি ঘাটত মহানগৰীৰ প্ৰায় ৩৫খন দুর্গাপূজা সমিতিয়ে দেৱীৰ প্ৰতিমা বিসৰ্জন দিব বুলি প্ৰকাশ কৰিছে।

নিৰাপত্তা দিশটোৰ প্ৰতি লক্ষ্য ৰাখি চুণচালি ঘাটত বিসৰ্জনৰ দিনা আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু আয়োজক কমিটিৰ তৰফৰ পৰা প্ৰায় ৬০জন স্বেচ্ছাসেৱক নিয়োগ কৰা হ’ব বুলি আয়োজক কমিটীয়ে প্ৰকাশ কৰিছে। আন আন বিসৰ্জন ঘাটক সাজু কৰাৰ বাবেও ততপৰতাৰে কাম কৰি থকা হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular