spot_img
19 C
Guwahati
19 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকশীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰৰ বাহনে মহটিয়ালে বাইক আৰোহীক, উদ্ধাৰ পিষ্টলো

শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰৰ বাহনে মহটিয়ালে বাইক আৰোহীক, উদ্ধাৰ পিষ্টলো

ডিজিটেল ডেস্কঃ মহানগৰীৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ পথদুৰ্ঘটনা! ‘POLICE’ লিখা এখন ‘CREATA’ বাহনে অভাৰটেক কৰাৰ ফলত এখন দুচকীয়া বাহনক মহটিয়াই লৈ যায়। ফলত গুৰুতৰভাৱে আহত হয় দুচকীয়া বাহনৰ চালকজন।

তাৰ পাছতেই প্ৰত্যক্ষদৰ্শীয়ে প্ৰহাৰ কৰে চাৰিচকীয়া বাহনখনৰ চালকসহ এজনক। কিছুসময়ৰ পাছত ঘটনাস্থলীত দিছপুৰ যান-বাহন আৰক্ষী উপস্থিত হয় আৰু চালকসহ বাহনখন থানালৈ লৈ যায়। আমালৈ অহা খবৰ অনুসৰি বাহনখনৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰে আৰক্ষীয়ে। চাৰিচকীয়া বাহনখনৰ চালকজন এজন শীৰ্ষ আৰক্ষী বিষয়াৰ পুত্ৰ বুলি জানিব পৰা গৈছে। এই বিষয়ে বৰ্তমানলৈ আৰক্ষীৰ লোকে কোনোধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই সাংবাদিকৰ সন্মুখত।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular