spot_img
27 C
Guwahati
27 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিক৫ দিনত ৫শতাধিক দুৰ্ঘটনা ; বহুতৰ বাবে দুৰ্গা পূজাই কঢ়িয়ালে বিভীষিকা

৫ দিনত ৫শতাধিক দুৰ্ঘটনা ; বহুতৰ বাবে দুৰ্গা পূজাই কঢ়িয়ালে বিভীষিকা

ডিজিটেল ডেস্ক : দুৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে কেইবাটাও ভয়ংকৰ দুৰ্ঘটনা। ষষ্ঠীৰ পৰা দশমীলৈ ৰাজ্যত সংঘটিত হৈছে মুঠ ৫৪১টা দুৰ্ঘটনা৷ দুৰ্গোৎসৱৰ মাজতে ৰাজ্যজুৰি ধাৰাবাহিকভাৱে সংঘটিত হৈছে পথ-দুৰ্ঘটনা৷ গুৱাহাটী মেডিকেল কলেজত মৃত্যু হৈছে ২ দুৰ্ঘটনাগ্ৰস্তৰ৷ দুৰ্গা পূজা আনন্দ একাংশৰ বাবে বিষাদত পৰিণত হ’ল বিগত দিনেকেইটাত। এই কেইদিনত সংঘটিত ৫৪১টা দুৰ্ঘটনাৰ ভিতৰত ৪৯টা পথ দুৰ্ঘটনাৰে তালিকাৰ শীর্ষত কামৰূপ গ্ৰাম্য জিলা৷

ইয়াৰে ৩৮টা দুচকীয়া বাহনৰ দুৰ্ঘটনা আৰু অন্যান্য দুৰ্ঘটনা সংঘটিত হৈছে ১১ টা। ৪৮ টা দুৰ্ঘটনাৰে তালিকাৰ দ্বিতীয় শীর্ষত আছে গোলাঘাট৷ গোলাঘাটত ৪০খন দুচকীয়া বাহন, ১খন তিনিচকীয়া বাহন, ৪খন চাৰিচকীয়া বাহন দুৰ্ঘটনাত পতিত হৈছে। অন্যান্য ৩ টা দুৰ্ঘটনা সংঘটিত হয় জিলাখনত৷ ইয়াৰ বিপৰীতে মাত্র ৮ টা দুৰ্ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত৷ দুৰ্গাপূজাৰ প্ৰাকক্ষণত পৰিৱহণ বিভাগে চলোৱা সজাগতাৰ বাবে মহানগৰীত পূৰ্বৰ তুলনাত বহুগুণে হ্ৰাস পাইছে পথ দুৰ্ঘটনা।

অৱশ্যে সান্ধ্য আইনো ইয়াৰ অন্য এটা কাৰণ বুলি অভিহিত কৰে পৰিবহন বিভাগে। ইয়াৰ বিপৰীতে দশমীৰ দিনা দুৰ্ঘটনা সংঘটিত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছে মুঠ ৮০ জনকৈ লোক৷ ইয়াৰে ৩৬জনকৈ লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন ৩৬জনকৈ লোকৰ ভিতৰত ৩জন এতিয়াও আছে আইচিইউত। ইপিনে মৃত্যু হৈছে দুজন দুৰ্ঘটনাগ্ৰস্তৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular