spot_img
11 C
Guwahati
11 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকদীপৰ বিলত সমূহীয়া মাছ ধৰাৰ পৰম্পৰা

দীপৰ বিলত সমূহীয়া মাছ ধৰাৰ পৰম্পৰা

ডিজিটেল ডেস্কঃ পৰম্পৰা ৰক্ষা কৰি দীপৰ বিলত সমূহীয়া মৎস্য চিকাৰৰ নান্দনিক পৰিৱেশ দেখা গ’ল দেওবাৰে পুৱাই। একেলগে বিলত মাছ ধৰিলে প্ৰায় হাজাৰৰো অধিক মাছমৰীয়াই৷ ৩০০ৰো অধিক নাও লৈ মৎস্য চিকাৰৰ এই বিৰল দৃশ্য দেখি অভিভূত হৈ পৰিল বহুজন৷ দীপৰ বিলত আৰম্ভ হৈছে পৰম্পৰাগত ‘বিল মাৰা’ উৎসৱ। দীপৰ বিলৰ দাঁতিকাষৰীয়া অঞ্চলৰ মাছমৰীয়া লোকসকলে পুৰ্বৰে পৰা পৰম্পৰাগতভাৱে উৰুকাৰ প্ৰাক মুহূৰ্তত পালন কৰি আহিছে এই ‘বিল মাৰা’ উৎসৱ

লোকসকলে প্ৰায় মাহজোৰা প্ৰস্তুতিৰে নাও ৰং কৰাকে ধৰি নাও মেৰামতি, বিভিন্ন প্ৰকাৰৰ মাছ মৰা জাল-জাকৈ আদি সকলো সাজু কৰি উলিয়াই উৰুকাৰ প্ৰাক-মুহুৰ্তত তেওঁলোকে প্ৰত্যেক বছৰে পৰম্পৰা হিচাপে সমূহীয়া মৎস্য চিকাৰ কৰে। এইবেলিও বিলত একেলগে নামিল প্ৰায় ৩০০ খন নাও আৰু প্ৰত্যকখন নাওতে দুজন-তিনিজনকৈ মাছমৰীয়া।দীপৰ বিলৰ দাঁতিকাষৰীয়া এই মাছমৰীয়াসকলে এনেদৰে মাছ ধৰিয়ে জীৱিকা নিৰ্বাহ কৰি আহিছে। জানিব পৰা ম’তে এইবাৰ দীপৰ বিলত ৰৌ, ভঁকুৱা, চিতলকে ধৰি মাছৰ পোনাসমুহ মেলি দিছিল৷ সেই পোনাবোৰ এতিয়া ডাঙৰ হোৱাত এনেদৰে বিলৰ বুকুত মাছ ধৰে। পৰম্পৰাগতভাৱে ধৰা এনে মাছবোৰ বিভিন্ন বজাৰত মোকলাই দিয়ে যদিও দীপৰ বিলৰ পাৰত কোনো অনুমতি নোহোৱাকৈ আনুমানিক হিচাপত বিক্ৰী কৰে । যাৰ বাবে বিলৰ পাৰত অসংখ্য গ্ৰাহকৰ সমাগম ঘটে।

মাছ ল’বলৈ দীপৰ বিলৰ পাৰত পুৱাই উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা৷ নিজৰ পছন্দৰ মাছ ক্ৰয় কৰিবলৈ পুৱাই কলিতাই বিলৰ পাৰত উপস্থিত হয়। আৰু মন-পছন্দৰ মাছ ক্ৰয় কৰে। ঐতিহাসিক দীপৰ বিলৰ সৌন্দর্য লাঘৱ হোৱাত স্থানীয় ৰাইজে দীর্ঘদিনৰে পৰাই দাবী উত্থাপন কৰি আহিছে যদিও চৰকাৰ প্ৰশাসনে কোনোধৰণৰ ব্যবস্থা আজি পৰ্যন্ত নকৰিলে। পেলনীয়া জাবৰৰ দমে দীপৰ বিলৰ সৌন্দর্যত সংকট নমাই আনিছে বুলিও মন্তব্য কৰে একাংশ ৰাইজে। লগতে মাছ ক্ৰয় কৰিবলৈ যোৱা আন একাংশ ৰাইজে ভোগালীৰ সময়ত বহুতো দুষ্টচক্রই তথা একাংশ অসাধু ব্যৱসায়ীয়ে বৰ্ধিত হাৰত মাছ বিক্ৰী কৰি সাধাৰণ ৰাইজক বিমোৰত পেলায়। এই ক্ষেত্রত যোগান বিভাগক তৎপৰ হ’বলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে৷

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular