spot_img
27 C
Guwahati
Tuesday, September 21, 2021
spot_img
Homeৰাজনৈতিকত্ৰিপুৰাত বিজেপি-চিপিআই(এম)ৰ সমৰ্থকৰ সংঘাত, গোচৰ ৰুজু

ত্ৰিপুৰাত বিজেপি-চিপিআই(এম)ৰ সমৰ্থকৰ সংঘাত, গোচৰ ৰুজু

আগৰতলা : ত্ৰিপুৰাত শাসকীয় বিজেপি আৰু চিপিআই(এম)ৰ সমৰ্থকৰ মাজত সংঘৰ্ষ। কালি সন্ধিয়া সংঘটিত হোৱা এই সংঘৰ্ষত কমেও পাঁচজনকৈ লোক আহত হৈছে। ইয়াৰ ভিতৰত দুজন আৰক্ষীৰ লোকো আছে। এই ঘটনাৰ পাছতে আৰক্ষীয়ে তিনিটাকৈ গোচৰ ৰুজু কৰিছে।

কালি সন্ধিয়া খোৱাই জিলাত এই সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। এই সংঘৰ্ষৰ বাবে দুয়োটা দলে পৰস্পৰক দোষ দি আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। এই সম্পৰ্কে তথ্য প্ৰকাশ কৰি আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়া ৰাজীৱ সূত্ৰধৰে বিষয়টোৰ তদন্ত চলি থকা বুলি প্ৰকাশ কৰিছে।

সংঘাতত লিপ্ত হোৱা বিজেপি আৰু চিপিআই(এম)ৰ সমৰ্থকসকলে দুয়োটা দলৰে দুটা কাৰ্যালয়ৰ ক্ষতিসাধন কৰাৰো অভিযোগ উঠিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
thunderstorm
27 ° C
27 °
27 °
83 %
0kmh
75 %
Tue
27 °
Wed
28 °
Thu
32 °
Fri
32 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular