spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeৰাষ্ট্ৰীয়হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তৃণমূল যুৱ কংগ্ৰেছৰ নেত্ৰী সায়োনী ঘোষ

হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ তৃণমূল যুৱ কংগ্ৰেছৰ নেত্ৰী সায়োনী ঘোষ

ডিজিটেল ডেস্কঃ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেবৰ সভা চলি থকাৰ সময়ত তীব্ৰ বেগত গাড়ী চলাই মানুহক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পশ্চিমবংগ তৃণমূল যুৱ কংগ্ৰেছৰ সভানেত্ৰী সায়োনী ঘোষক। দেওবাৰে যুৱনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰে পশ্চিম আগৰতলা আৰক্ষী থানাৰ মহিলা কৰ্মীয়ে।সায়োনী ঘোষৰ বিৰুদ্ধে পশ্চিম আগৰতলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। তেওঁক ভাৰতীয় দণ্ডবিধিৰ ১৫৩, ১৫৩এ, ৫০৬, ৩০৭ আৰু ১২০(বি) ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

সোমবাৰে ঘোষক আদালতত হাজিৰ কৰোৱা হ’ব। সায়োনী ঘোষৰ বিৰুদ্ধে আৰু এটা অভিযোগ উঠিছে যে আগৰতলাত তৃণমূল কংগ্ৰেছে পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই আছিল। ইয়াৰ মাজতে বিজেপিৰ এখন সভাৰ মাজেৰে গৈ থাকোতে সায়োনীয়ে বিজেপি কৰ্মীক উদ্দ্যেশি আপত্তিজনক ভাষা ব্যৱহাৰ কৰিছিল আৰু শিল নিক্ষেপ কৰিছিল। যাৰ ফলত বিশৃংখলতা সৃষ্টি হৈছিল আৰু বিজেপি কৰ্মীসকল আহত হৈছিল। আনহাতে তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক অভিযুক্ত কৰিছে।

আৰু পঢ়কঃ অন্ধকাৰত বুৰ যাব পৃথিৱী! ভয়ংকৰ বিপদৰ আগজাননী…

তৃণমূল কংগ্ৰেছৰ সদস্যসকলেও দাবী কৰিছে যে তেওঁলোকক প্ৰহাৰ কৰা হৈছিল। অভিষেক বেনাৰ্জীয়ে দেওবাৰে টুইট কৰি কয় যে বিপ্লব দেৱ ইমানেই নিৰ্লজ্জ হৈ পৰিছে যে তেওঁ এতিয়া উচ্চতম ন্যায়ালয়ৰ আদেশো মানি চলা নাই। তেওঁলোকে আমাৰ সমৰ্থক আৰু আমাৰ মহিলা প্ৰাৰ্থীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ পৰিৱৰ্তে আক্ৰমণ কৰিবলৈ বাৰে বাৰে গুণ্ডা প্ৰেৰণ কৰিছে। ত্ৰিপুৰা বিজেপিয়ে গণতন্ত্ৰক উপহাস কৰিছে। টিএমচিৰ সাংসদ সুস্মিতা দেৱে কয় যে ত্ৰিপুৰাত সায়োনী ঘোষৰ গ্ৰেপ্তাৰ ‘আইনৰ সম্পূৰ্ণ অপব্যৱহাৰ’।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular