spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিককলিয়াভোমোৰাৰ ৰেলিং ভাঙি লুইতত বাগৰিল ট্ৰাক: বৰ্তমানেও সন্ধানহীন চালক-হেণ্ডিমেন

কলিয়াভোমোৰাৰ ৰেলিং ভাঙি লুইতত বাগৰিল ট্ৰাক: বৰ্তমানেও সন্ধানহীন চালক-হেণ্ডিমেন

ডিজিটেল ডেস্ক : কলিয়াভোমোৰা দলঙত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা৷ ৰেলিং ভাঙি বৰ লুইতত বাগৰি পৰে এখন ট্ৰাক৷ শোণিতপুৰৰ ১০চকীয়া ট্ৰাকখনৰ নম্বৰ NL-01 K-3553 বুলি জানিবলৈ পোৱা গৈছে৷ বৰ্তমানেও সন্ধানহীন ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন৷ চালক-হেণ্ডিমেনৰ সন্ধানত লুইতত অভিযান চলায় গৈছে এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীয়ে৷

নিখোজ হোৱা ট্ৰাকচালকজন হৈছে ৰাজীৱ বিশ্বকৰ্মা৷ বিশ্বকৰ্মাৰ ঘৰ জামুগুৰিৰ আগ্ৰিপামত বুলি জানিবলৈ পোৱা গৈছে৷ সন্ধানহীন হেণ্ডিমেন অমিত ডনা (২০)ৰ ঘৰ বিহালীত৷ সোমবাৰে পুৱতি নিশা সংঘটিত হৈছিল এই দুৰ্ঘটনাৰ৷

১৬মেট্ৰিক টন লোহাৰ ৰ’ড লৈ ২১নৱেম্বৰত ডিমাপুৰৰ পৰা অৰুণাচল প্ৰদেশৰ বান্দৰদোৱালৈ যাত্ৰা কৰিছিল ট্ৰাকখনে৷ SAMকোম্পানীৰ ট্ৰাকখনৰ অন্তিম GPS ৰেকৰ্ড সোমবাৰে পুৱতি নিশা ০১:০৯ বজাত কলিয়াভোমোৰা দলং বুলি আৰক্ষী সুত্ৰে প্ৰকাশ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular