--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেওবাৰে সন্ধিয়া কেৰালাত এটা ভয়ানক নাও দুৰ্ঘটনা সংঘটিত হৈ যায়। পৰ্যটকৰ নাও ডুবি যোৱাৰ ফলত  বৰ্তমানলৈ কমেও ২২ জন লোকৰ মৃত্যু হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

থুভাল থিৰাম কেৰালাৰ মালাপ্পুৰামৰ এক জনপ্ৰিয় পৰ্যটনস্থলী। দেওবাৰে সন্ধিয়া তাত থকা এটা হ্ৰদত হাউচবোটত উঠি আনন্দ উপভোগ কৰি আছিল পৰ্যটকসকলে। সেই নাওখনত ৪০ জন মানুহ আছিল। হঠাতে পৰ্যটকৰ নাওখন উলটি যায়। সন্ধিয়া প্ৰায় ৭ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাৰ তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীয়ে সেই স্থানত উপস্থিত হয়। তেওঁলোকে যুদ্ধকালীনভাৱে উদ্ধাৰৰ কাম আৰম্ভ কৰে।কেৰেলাৰ মন্ত্ৰী ভি আব্দুৰাহিমানে কয় যে এতিয়ালৈকে মুঠ মৃত্যুৰ সংখ্যা ২২ জন। ইয়াৰে অধিকাংশই শিশু। আহতসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। ৭জন লোকৰ অৱস্থা সংকটজনক।

ইপিনে, উদ্ধাৰকাৰীসকলে জানিবলৈ দিয়া মতে দুৰ্ঘটনাগ্ৰস্ত হাউচবোটৰ তলত বহু লোক আবদ্ধ হৈ আছে। তেওঁলোকক উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে।দেওবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কেৰালাৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ মৃতকৰ পৰিয়ালক ২ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে। সেই ধন প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা দিয়া হ’ব।

কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নেও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে। তেওঁ মালাপ্পুৰমৰ জিলা দণ্ডাধীশক দুৰ্যোগ ব্যৱস্থপনা বাহিনীৰ সৈতে সকলো ধৰণৰ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। সোমবাৰে পুৱাও মুখ্যমন্ত্ৰীয়ে বাতিল কৰে চৰকাৰী কাৰ্যসূচী। ৰাতিপুৱাই তেওঁ দুৰ্ঘটনাস্থলীত উপস্থিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
‘দৈনিক জনমভূমি’ৰ জ্যেষ্ঠ সাংবাদিক কিশোৰ গোস্বামীলৈ ‘দেৱকুমাৰ বৰা সোঁৱৰণি মিডিয়া ফেল’শ্বিপ’
শাৰীৰিক প্ৰত্যাহ্বানক নেওচি ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল মৰাণৰ অমৰ চাওৰা; পাঞ্জা খেলত দুটাকৈ সোণৰ পদক অৰ্জন
অসম মীন উন্নয়ন নিগম কেলেংকাৰী: চিআইডিৰ জালত দুজনকৈ উচ্চপদস্থ বিষয়া
গুৱাহাটী বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেলৰ বাণিজ্যিক সেৱা আৰম্ভ, উত্তৰ-পূবৰ যোগাযোগত নতুন দিগন্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement