spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, জানুৱাৰী 25, 2022
Homeআন্তঃৰাষ্ট্ৰীয়পিতৃৰ নাই এখন ভৰি, পুত্ৰৰ নাই হাত-ভৰি; এখন বিশেষ ফটোগ্ৰাফৰ বিশ্বজুৰি আলোড়ন

পিতৃৰ নাই এখন ভৰি, পুত্ৰৰ নাই হাত-ভৰি; এখন বিশেষ ফটোগ্ৰাফৰ বিশ্বজুৰি আলোড়ন

ডিজিটেল ডেস্কঃ কিছুমান আলোকচিত্ৰ বা কিছুমান ফটোগ্ৰাফে কথা কয়৷ মানুহৰ জীৱনত কিছুমান আলোকচিত্ৰই, কিছুমান ফটোৱে গভীৰভাৱে ৰেখাপাত কৰে৷ এখন বিশেষ ফটোগ্ৰাফে বৰ্তমান সমগ্ৰ বিশ্বৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ কিছুমানক কৰি তুলিছে আৱেগিক৷ যিসকলে নিজক লৈ নিৰুৎসাহিত সেইসকলৰ মনতো উৎসাহ যোগাইছে এই আলোকচিত্ৰখনে। তুৰস্কৰ ফটোগ্ৰাফাৰ মেহমত আছলানে এনে এখন আলোকচিত্ৰ তুলিছে, যিয়ে যিকোনো লোকৰ চকু সেমেকাই তুলিব পাৰে।

আলোকচিত্ৰখনত দেখা গৈছে এহাল পিতা-পুত্ৰক। আলোকচিত্ৰখনত পিতৃ মুঞ্জিৰ আৰু পুত্ৰ মুস্তাফাৰ মৰম ফুটি উঠিছে। দুয়োৰে মুখত আছে স্বৰ্গীয় হাঁহি। তুৰস্কৰ সীমান্তৰ হেট প্ৰদেশৰ ৰেহনালীত বাস কৰা এজন ছিৰিয়ান শৰণাৰ্থী পিতৃ আৰু পুত্ৰৰ আনন্দক কেমেৰাত বন্দী কৰিছিল মেহমত আছলানে। এই আলোকচিত্ৰখন বছৰটোৰ শ্ৰেষ্ঠ আলোকচিত্ৰ হিচাপে বাছনি কৰা হৈছে। আলোকচিত্ৰখনত দেখা গৈছে পিতা-পুত্ৰ দুয়ো শাৰীৰিকভাৱে অক্ষম কিন্তু তাৰপাছতো দুয়োৰে মুখত আছে হাঁহিৰ স্বৰ্গীয় জ্যোতি। পিতৃ মুঞ্জিৰৰ এখন ভৰি নাই আৰু পুত্ৰ মুস্তাফাৰ হাত-ভৰি একোৱে নাই।

মানুহক সাহস যোগোৱা সেই বিশেষ ফটোখন

আৰু পঢ়কঃ কাতি মাহত ৰুৱক এই তিনি জোপা গছৰ পুলি, আহিব সুখ-সমৃদ্ধি

এই আলোকচিত্ৰখনক চিয়েনা আন্তঃৰাষ্ট্ৰীয় বঁটা ২০২১ত ‘Photo Of the Year’ হিচাপে বাছনি কৰা হৈছে। আলোকচিত্ৰখনত দেখা পোৱা পিতৃজনে ছিৰিয়াৰ বজাৰত সংঘটিত হোৱা বোমা বিস্ফোৰণত এখন ভৰি হেৰুৱাইছিল। আনহাতে গৰ্ভৱতী পত্নী গৃহযুদ্ধৰ সময়ত বিষাক্ত গেছৰ সংস্পৰ্শলৈ আহিছিল, যাৰ ফলত হাত-ভৰি অবিহনেই জন্ম হৈছিল পুত্ৰৰ। পিতা-পুত্ৰৰ এই হাঁহিয়ে এতিয়াই পোহৰাই তুলিছে অনেক লোকৰে মন। হাজাৰ সমস্যাৰ মাজতো আমি হাঁহিবলৈ শিকিব লাগিব, সেই কথাই যেন বিশ্ববাসীক বুজাইছে এই আলোকচিত্ৰই। এই দৃশ্য দেখাৰ পিছত বহু লোকেই উপলব্ধি কৰিছে ”জীৱন তুমি সঁচাই ধুনীয়া।”

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular