spot_img
24 C
Guwahati
24 C
Guwahati
মঙলবাৰ, নৱেম্বৰ 30, 2021
Homeব্ৰেকিং নিউজ‘আনখন গাল আগবঢ়াই দিবলৈ সাহস লাগে‘; কংগনাক উভতি ধৰিলে মহাত্মা গান্ধীৰ নাতিয়ে

‘আনখন গাল আগবঢ়াই দিবলৈ সাহস লাগে‘; কংগনাক উভতি ধৰিলে মহাত্মা গান্ধীৰ নাতিয়ে

ডিজিটেল ডেস্কঃ বিতৰ্কিত মন্তব্য কৰি সংবাদ শিৰোনাম দখল কৰাটো যেন অভ্যাসত পৰিণত হৈছে বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটৰ। দেশৰ স্বাধীনতাক লৈ এবাৰ তীৰ্যক মন্তব্য কৰাৰ পাছত জাতিৰ পিতা মহাত্মা গান্ধীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগনাই। দেশজুৰি ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। মহাত্মা গান্ধীৰ অহিংস নীতিক চৰম তাচ্চিল্য কৰি পুনৰ বিতৰ্কত সোমাই পৰিল কংগনা

মহাত্মা গান্ধীৰ এটি জনপ্ৰিয় নীতি হ’ল-”তোমাক যদি এখন গালত কোনোবাই চৰ মাৰে তেন্তে আনখন গালো পাতি দিবা।” এই নীতিৰে বাপুজীয়ে মানুহক অহিংসাৰ শিক্ষা দিছিল। মঙলবাৰে ‘অহিংসা পৰম ধৰ্ম’ক তাচ্চিল্য কৰি কংগনাই কয় যে, ”আনখন গাল পাতি দিলে ভিক্ষাহে পাই স্বাধীনতা নাপায়৷ ১৯৪৭ চনত দেশে লাভ কৰা স্বাধীনতা ব্ৰিটিছে দিয়া ভিক্ষা আছিল৷ মহাত্মা গান্ধীয়ে আমাক শিকাইছিল যে, কোনোবাই এখন গালত চৰ মাৰিলে আনখন গাল পাতি দিব লাগে৷ এইদৰেই স্বাধীনতা পোৱাতো অসম্ভৱ৷ এনেকৈ কোনেও স্বাধীনতা পাব নোৱাৰে, ভিক্ষাহে পাব৷”

এনে বিতৰ্কিত মন্তব্যৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰি থকা কংগনা ৰাণাৱটৰ পৰা সন্মানীয় পদ্মশ্ৰী সন্মান ঘূৰাই ল’বলৈও দাবী জনায় বহুলোকে। বিতৰ্কিত মন্তব্যৰে বাপুজীক অপমান কৰি সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা কংগনা ৰাণাৱটক উচিত প্ৰত্যুত্তৰ দিছে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে।

আৰু পঢ়কঃ ১৪৪০ চনৰ পাছত আজি হ’ব বিৰল চন্দ্ৰগ্ৰহণ; কেতিয়া, ক’ত দেখা যাব?

তুষাৰ গান্ধীয়ে কয় যে “আন এখন গাল আগবঢ়াই দিবলৈ ভয়াতুৰৰ সাহস নাই, ইয়াৰ বাবে অনেক সাহসৰ প্ৰয়োজন হয়। গান্ধীজীয়ে আন এখন গাল আগবঢ়াই দিবলৈ কোৱা কথাৰ আঁৰত যি বীৰত্ব লুকাই আছে, সেই বীৰত্ব অনুভৱ কৰাৰ ক্ষমতা নাই একাংশ লোকৰ। তেওঁলোকে কেতিয়াও এই বীৰত্ব বুজি নাপাব। কিন্তু সেই সময়ৰ ভাৰতীয়সকলৰ এই বীৰত্ব বুজি পোৱাৰ প্ৰতিভা আছিল। আচলতে তেওঁলোক সকলো একোজন নায়ক আছিল।ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে বাপুজীক অৰ্ধনগ্ন ভিক্ষাৰী বুলি ইতিকিং কৰিছিল। অৱশেষত কিন্তু ভাৰতৰ ব্ৰিটিছ ৰাজে সেই ফকীৰৰ ওচৰতে আত্মসমৰ্পণ কৰে।”তুষাৰ গান্ধীৰ এই মন্তব্য এতিয়া চৰ্চিত হৈ পৰিছে। কংগনাই ইয়াৰ উত্তৰ কেনেকৈ দিয়ে সেয়াহে হ’ব লক্ষ্যণীয়।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular