spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকজাতীয় সংগঠনৰ নামত চান্দা তোলা দুই সদস্যক গ্ৰেপ্তাৰ

জাতীয় সংগঠনৰ নামত চান্দা তোলা দুই সদস্যক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্কঃ চান্দা সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী। শিৱসাগৰত জাতীয় সংগঠনৰ নামত চান্দা তোলা দুই সদস্যক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। ‘টাইপা’(বিজয় ৰাজকোঁৱৰ ফৈদ)ৰ সদস্য দুয়োজন। শিৱসাগৰ আৰক্ষীয়ে কালি নিশা গ্ৰেপ্তাৰ কৰে তেওঁলোকক। দাবী-ধমকি দি চান্দা তোলাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকীৰ নাম ক্ৰমে সুনীল চাংমাই আৰু শৈলেন চাংমাই। ডিমৌ বৰুৱা চাংমাই গাঁৱৰ পৰা তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়। শিৱসাগৰ সদৰ থানাত ৰুজু হোৱা ১৩৫১/২০২১নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৪ ধাৰাত
গ্ৰেপ্তাৰ কৰা হৈছে দুয়োকে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে চান্দা অপ-সংস্কৃতিক বিৰুদ্ধে সক্ৰিয় হয় অসম আৰক্ষী।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular