spot_img
23 C
Guwahati
23 C
Guwahati
সোমবাৰ, জানুৱাৰী 24, 2022
Homeআঞ্চলিকসন্ধানহীন ডিমাকুছিৰ যুৱক, ক’লৈ গৈ হ’ল নিৰুদ্দিষ্ট?

সন্ধানহীন ডিমাকুছিৰ যুৱক, ক’লৈ গৈ হ’ল নিৰুদ্দিষ্ট?

ভেৰগাঁওঃ ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত ২নং বুঢ়া পূজাশালীৰ এজন যুৱক বহিঃৰাজ্যৰ পৰা নিজঘৰলৈ ওভতাৰ পথতে সন্ধানহীন হয়। সন্ধানহীন হোৱা যুৱকজনৰ নাম ৰেহমান মিঞ্জ(৩৪)। ২নং বুঢ়া পূজাশালীৰ ছেলবেষ্টাৰ মিঞ্জৰ পুত্ৰ ৰেহমান মিঞ্জ নামৰ যুৱকজনে বিগত প্ৰায় ১৫দিন ধৰি সন্ধানহীন হৈ থকাত পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে৷

আৰু পঢ়িব পাৰিব : টে’ট উত্তীৰ্ণৰ ভুৱা প্ৰমাণ-পত্ৰৰে চাকৰি পোৱাৰ অভিযোগ : আটক ১০ শিক্ষকক

ছেলবিষ্টাৰ মিঞ্জৰ পুত্ৰ তথা এলিজা মিঞ্জৰ স্বামী এটা সন্তানৰ পিতৃ ৰেহমান মিঞ্জ (২১) ছেপ্টেম্বৰত নেপালৰ দাৰ্জিলিঙলৈ কৰ্মসূত্ৰে ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু বিশেষ অসুবিধাৰ বাবে দাৰ্জিলিঙৰ পৰা ঘৰলৈ উভতি আহি ২৯ ছেপ্টেম্বৰত ডিমাকুছিৰ বাঙালীপাৰা পোৱা বুলি ফোনযোগে পৰিয়ালৰ লোকক জনাইছিল। শেষবাৰৰ বাবে ফোন কৰি জনোৱাৰেপৰা বৰ্তমানলৈকে ৰেহমানৰ মোবাইল ফোন অফ হোৱাৰ লগতে কোনোধৰণৰ খবৰ লাভ কৰা নাই পৰিয়ালৰ লোকে।

আৰু পঢ়িব পাৰিব : সাৰি নাযায় ৰাজকন্যা বৰুৱা, জামিনত সহায় কৰা আৰক্ষীৰ বিৰুদ্ধেও তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ইতিমধ্যে পৰিয়ালৰ লোকে স্থানীয় ডিমাকুছি আৰক্ষী থানাত ঘটনা সম্পৰ্কে এজাহাৰ দাখিল কৰাৰ উপৰি পৰিয়ালৰ লোকে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰিও আজিলৈকে কোনোধৰণৰ খবৰ লাভ কৰা নাই। পৰিয়ালৰ লোকে ৰেহমান নিৰুদ্দিষ্ট হোৱা ঘটনাতো সহজভাৱে ল’ব পৰা নাই৷ যুৱকজনৰ কোনো সম্ভেদ পালে 6003079377 আৰু 9101504534 নম্বৰত যোগাযোগ কৰিবলৈ অথবা নিকটৱৰ্তী আৰক্ষী থানাত খবৰ দিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular