spot_img
24 C
Guwahati
24 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeআঞ্চলিকদৌৰাই দৌৰাই আক্ৰমণ প্ৰকৃতিপ্ৰেমীক! আহত ৪

দৌৰাই দৌৰাই আক্ৰমণ প্ৰকৃতিপ্ৰেমীক! আহত ৪

লামডিং : উদালীত প্ৰকৃতিপ্ৰেমীৰ ওপৰত জপিয়াই পৰিল একাংশ লোক৷ গাড়ীৰ পৰা নমাই দৌৰাই দৌৰাই আক্ৰমণ কৰে উদালীৰ অৰ্কিড বিশেষজ্ঞ ড০ ৰহমত আলীক৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত লামডিং বনাঞ্চলৰ ৫০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে অব্যাহত থকা উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা সংঘটিত হয় এই ঘটনা৷

উল্লেখ্য যে, উচ্ছেদিত লোকক সংস্থাপিত কৰাৰ নামত ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে ৰহমত আলীৰ বিৰুদ্ধে৷ নখুঁটিৰ জাঞ্জু শিবিৰত দৌৰাই দৌৰাই ৰহমত আলীক প্ৰহাৰ কৰে উচ্ছেদিত লোকে৷ এই আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ As 02 AE 2082 নম্বৰৰ স্ক’ৰপিঅ’ বাহনখন এৰি পলায়ন কৰে ৰহমত আলীয়ে। গাড়ী লৈ পলাবলৈ চেষ্টা চলাওঁতে ৰহমত আলীৰ গাড়ীৰ চেপাত ফালুন খাতুন নামৰ এগৰাকী মহিলাসহ চাৰিজন লোক আহত হৈছে বুলিও জানিব পৰা গৈছে।

অভিযোগ অনুসৰি উচ্ছেদিত লোকৰ পৰা উপায়ুক্তৰ সৈতে সু-সম্পৰ্কৰ সুবাদত ধনসংগ্ৰহ কৰিছে আলীয়ে৷ পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠাত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular