spot_img
16 C
Guwahati
16 C
Guwahati
শুক্ৰবাৰ, জানুৱাৰী 28, 2022
Homeআঞ্চলিকউদুলি-মুদুলি ৰংঘৰৰ বাকৰি, ৰংপুৰ মেলাই কঢ়িয়াইছে একতাৰ বাৰ্তা

উদুলি-মুদুলি ৰংঘৰৰ বাকৰি, ৰংপুৰ মেলাই কঢ়িয়াইছে একতাৰ বাৰ্তা

ডিজিটেল ডেস্কঃ আজি পহিলা মাঘ। মাঘৰ এই পহিলা দিনটোতেই জীপাল হৈ পৰে ঐতিহাসিক ৰংঘৰৰ বাকৰি। টাই-আহোম যুৱ ছাত্ৰ পৰিষদে মাঘৰ এই পহিলা দিনটোতে পৰম্পৰাগতভাৱে আয়োজন কৰে ৰংপুৰ মেলাৰ। অতীতৰে পৰা তথা আহোম ৰজাৰ দিনৰে পৰা প্ৰচলিত এই ৰংপুৰ মেলাৰো আছে নানা ঐতিহ্য, নানা কথা। সেয়েহে টাই-আহোম যুৱ ছাত্র পৰিষদে এইবেলিও ক’ভিডকালীন পৰিস্থিতিৰ মাজত ৰংঘৰৰ বাকৰিত অক্ষুন্ন ৰাখিলে পৰম্পৰা।

আজি পূৱাৰে পৰা এক প্ৰকাৰ উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে ৰংঘৰৰ বাকৰিত। বিভিন্ন জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতিৰে জীপাল হৈ পৰিছে ৰংঘৰৰ চৌহদ। মাঘবিহুৰ প্ৰথমদিনটোত ঐক্য-সম্প্ৰীতি অটুট ৰাখি টাইপা’ৰ শিৱসাগৰ জিলা সমিতিয়ে প্ৰতিবছৰে ৰংঘৰৰ চোতালত ভোগালীৰ আনন্দ-উল্লাসৰ নামত নানা পৰম্পৰাগত খেল-ধেমালিৰ আয়োজন কৰে। যেনে-ঢোপখেল, কড়িখেল, ৰছী টনাখেল আদি।সেয়েহে, আহোম ৰাজত্ব কালৰ ৰং-ৰহইছৰ পীঠস্থান হিচাপে পৰিচিত ৰংঘৰত আজি পূৱাই টাইপা’ৰ শিৱসাগৰ জিলা সমিতিয়ে পতাকা উত্তোলন কৰি আৰম্ভ কৰিলে ৰংপুৰ মেলা। পৰম্পৰাগত ৰীতি-নীতিৰে মৈদাম তৰ্পণৰ পাছত বিহু নৃত্য, তিৱা,কাৰ্বি, মিচিং জনগোষ্ঠীয় নৃত্য, হুঁচৰিৰে মুখৰিত কৰি তুলিলে ৰংঘৰৰ বাকৰি। ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দু পালি ভেকচিন লোৱা ব্যক্তিকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হয়। আজিৰ এই ৰংপুৰ মেলাতেই টাইপা’ৰ “চে-মুন” নামৰ এখন স্মৃতি গ্ৰন্থৰো উন্মোচন কৰা হয়।

 

 

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular