spot_img
19.8 C
Guwahati
19.8 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeআঞ্চলিক‘কা’ বিৰোধী আন্দোলনৰ সময়ত আলফালৈ যোৱা সমীৰণক গ্ৰেপ্তাৰ

‘কা’ বিৰোধী আন্দোলনৰ সময়ত আলফালৈ যোৱা সমীৰণক গ্ৰেপ্তাৰ

মাৰ্ঘেৰিটাঃ পুনৰ অসম আৰক্ষীৰ কৱলত এজন আলফা(স্বাধীন)ৰ সদস্য৷ দেওবাৰে ১৯নং অসম ৰাইফলছ আৰু লেখাপানী আৰক্ষীয়ে অসম অৰুণাচল সীমান্ত জাগুনৰ টিংকু পানী সংৰক্ষিত বনাঞ্চলৰ কাষত গ্ৰেপ্তাৰ কৰে সদস্যগৰাকীক। আটকাধীন আলফা নেতাজন সমীৰণ সোণোৱাল ওৰফে যাদৱ অসম বুলি জানিব পৰা গৈছে৷

সমীৰণ

সদস্যগৰাকীৰ ঘৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত ইনথেম নগাপথাৰত বুলি জানিব পৰা গৈছে। ‘কা’ বিৰোধী আন্দোলনৰ সময়তে আলফা(স্বাধীন)ত যোগদান কৰিছিল সমীৰণে। অসম ৰাইফলছ আৰু আৰক্ষীয়ে গ্ৰেপ্তাৰৰ সময়ত আলফা সদস্যগৰাকীৰ পৰা এটা পিষ্টল, এটা মেগজিন, কিছু সক্ৰিয় গুলীৰ লগতে বহু আপতিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।

আৰক্ষীয়ে সদস্যগৰাকীৰ পৰা অধিক তথ্য লাভৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular