spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeআঞ্চলিকস্বাধীনতাৰ দাবীৰ পৰা এখোজো পিছুৱাই নাহিল পৰেশ বৰুৱা, আলোচনা কি হ'ব?

স্বাধীনতাৰ দাবীৰ পৰা এখোজো পিছুৱাই নাহিল পৰেশ বৰুৱা, আলোচনা কি হ’ব?

ডিজিটেল ডেস্ক : পুনৰ স্বাধীনতাৰ প্ৰসংগ উত্থাপন কৰিলে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)এ। যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ স্থায়ী শান্তিৰ বাবে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আহ্বান জনাই আহিছে সেই সময়তে সাৰ্বভৌমত্বৰ দৰে দাবী আৰু স্বাধীনতাৰ প্ৰসংগ বাৰম্বাৰ উত্থাপন কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। ২৮ নৱেম্বৰ প্ৰতিবাদ দিৱস উপলক্ষে আলফা (স্বা)ই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিজ্ঞপ্তিত স্বাধীনতাৰ দাবীৰ কথা দোহাৰে। আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰেৰণ কৰা এই বিজ্ঞপ্তিত ভাৰত ৰাষ্ট্ৰৰ প্ৰতি তীব্ৰ ক্ষোভ উগৰাৰ লগতে থলগিৰি অসমীয়াৰ হকে কৰা সংগ্ৰামৰ ন্যয্যতাৰ কথা দোহাৰে। এই বিজ্ঞপ্তিখনতে আলফাই স্বাধীনতাৰ দাবীৰ কথা দোহাৰি লিখিছে,
‘ঔপনিৱেশিক ভাৰতৰ তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ১৯৬২চনত অসমবাসীক সম্বোধি শেষ বিদায় সম্ভাষণ জনোৱাটো আজিৰ প্ৰজন্মৰ সকলোৰে জ্ঞাত। কিন্তু তেওঁৰে উত্তৰাধিকাৰী দখলীকৃত ৰাষ্ট্ৰৰ নেতাসকলে আমাৰ সংগঠনক বিচ্ছিন্নতাবাদী বা সন্ত্ৰাসবাদী আখ্যা দিয়াটো হাস্যকৰ। আমি তেওঁলোকক সুধিব বিচাৰোঁ, ঔপনিৱেশিক বৃটিছৰ শাসনকালতো আইনৰ দৃষ্টিত স্বাধীনতা বিচৰাটো অপৰাধ আছিল। তেতিয়াহ’লে মহাত্মা গান্ধী বা ভাৰতীয় জাতীয় কংগ্ৰেছ বিচ্ছিন্নকাবাদী বা সন্ত্ৰাসবাদী আছিল নেকি? আনকি ১৯৭১চনত ভাৰতবৰ্ষৰ সৰ্বাত্মক উদ্যোগত পাকিস্তানক বিভাজিত কৰি বাংলাদেশ সৃষ্টি কৰাৰ বাবে ভাৰতীয়সকলে ইন্দিৰা গান্ধীক দুৰ্গাৰ লগত তুলনা কৰাৰ কি অৰ্থ থাকিব পাৰে? সেয়ে দোহাৰিছোঁ, শত্ৰুৱে আমাৰ যি বিশেষণেৰে আখ্যায়িত নকৰক কিয় থলগিৰিৰ স্বকীয় বৈশিষ্ট্যৰে চহকী জাতিৰ গৌৰৱোজ্জ্বল বুৰঞ্জীক জলাঞ্জলি দি জিঘাংসু ৰাষ্ট্ৰৰ ভয়-ভাবুকিত অসমে ভাৰতীয়ৰ লগত একীভূত হ’ব নোৱাৰে।’


আলফাৰ এই স্থিতিয়ে অসমৰ স্থায়ী শান্তিৰ প্ৰক্ৰিয়াটোত যে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব সেয়া নিশ্চিত বুলিব পাৰি। উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ আসনত বহাৰ পাছতে পৰেশ বৰুৱাক সংগ্ৰাম এৰি আলোচনালৈ আহিবলৈ আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই পৰেশ বৰুৱাই যুদ্ধবিৰতি ঘোষণা কৰে। এতিয়াও সংগঠনটো যুদ্ধবিৰতিতে আছে। আলফাৰ এই পদক্ষেপে আলোচনাৰ সম্ভাৱনাক উজ্জ্বল কৰি তুলিছিল যদিও প্ৰতিবাদ দিৱসৰ দিনা পুনৰ স্বাধীন অসমৰ দাবী তোলাটোৱে এই প্ৰক্ৰিয়াক অনিশ্চয়তালৈ ঠেলি দিয়া বুলি অভিহিত কৰিব পাৰি। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular