spot_img
24 C
Guwahati
24 C
Guwahati
দেওবাৰ, ডিচেম্বৰ 5, 2021
Homeআঞ্চলিকআলফাত যোগদান চলি আছে‌; নাগালেণ্ডত আটক টীয়কৰ যুৱক অৰিন্দম বৰাক

আলফাত যোগদান চলি আছে‌; নাগালেণ্ডত আটক টীয়কৰ যুৱক অৰিন্দম বৰাক

টীয়ক : বিগত দীঘলীয়া সময় ধৰি যুদ্ধবিৰতিত আছে পৰেশ বৰুৱা নেতৃত্বৰ আলফা (স্বা)। আলোচনালৈ অহাৰ প্ৰসংগক লৈও চলি আছে জল্পনা-কল্পনা। তথাপি যেন একাংশ তৰুণ-তৰুণীৰ মনৰপৰা ফেণ্টাচী আঁতৰা নাই। এতিয়াও আলফাত যোগ দিবলৈ অগ্ৰসৰ হৈছে ভালেমান যুৱক-যুৱতী। এইবাৰ আলফাত যোগদান কৰিবলৈ যোৱা টীয়কৰ এজাৰগুৰিৰ সুনীল বৰা আৰু অৰ্পনা বৰাৰ একমাত্ৰ পুত্ৰ মেধাবী যুৱক অৰিন্দম বৰাক আজি নাগালেণ্ডৰ মন জিলাত অসম ৰাইফলছে আটক কৰে।

জানিব পৰা মতে, যোৱা শুকুৰবাৰে ব্ৰইলাৰৰ দানা আনিবলৈ বুলি ঘৰৰ পৰা ওলাই আহিছিল যুৱকজন। ঘৰলৈ ঘূৰি নহা দেখি পিতৃ-মাতৃয়ে প্ৰশাসনৰ লগত যোগাযোগ কৰিছিল যদিও আজি পুৱা নাগালেণ্ডৰ পৰা খবৰ অহাত হতাশ হৈ পৰিছে পিতৃ-মাতৃ। সেয়ে পুত্ৰক সোশৰীৰে ঘূৰাই দিবলৈ চৰকাৰক অনুৰোধ জনাইছে আৰু অনাগত দিনত পুত্ৰক বুজাই-বঢ়াই মূলসুঁতিলৈ ঘূৰাই আনিব বুলি মন্তব্য কৰিছে।

মন কৰিবলগীয়া যে, উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অৰিন্দমে আৰ্থিক অনাটনৰ বাবে কলেজত নামভৰ্তি কৰিব পৰা নাছিল। খেতি-বাতি আৰু ব্ৰইলাৰ ফাৰ্মৰ জৰিয়তে নিজৰ খৰচ উলিয়াই পৰিয়াল পোহপালত সহায়ৰ হাত আগবঢ়াইছিল যুৱকজনে। কিন্তু হঠাতে কিয় তেওঁ আলফাৰ প্ৰতি আকৃষ্ট হ’ল সেয়াহে অবুজ সাথৰ হৈ ৰৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular