Google search engine
30 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকমুক্তিপণ নাপালে কুইপ’ৰ বিষয়াৰ বিৰুদ্ধে চৰম ব্যৱস্থা ল’ব আলফাই!

মুক্তিপণ নাপালে কুইপ’ৰ বিষয়াৰ বিৰুদ্ধে চৰম ব্যৱস্থা ল’ব আলফাই!

গুৱাহাটী : বিগত ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ ডায়ুনৰ পৰা কুইপ’ নামৰ তেল কোম্পানীত কৰ্মৰত শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক আলফা(স্বা) আৰু এনএছচিএনে অপহৰণ কৰি এক বৃহৎ পৰিমাণৰ মুক্তিপণ দাবী কৰিছিল। এই মুক্তিপণ কোম্পানীয়ে পৰিশোধ নকৰাৰ বাবে কিছু দিনৰ পূৰ্বে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই খিলঞ্জীয়া প্ৰণৱ কুমাৰ গগৈৰ দায়িত্ব আলফাই গ্ৰহণ কৰাৰ বিপৰীতে ৰাম কুমাৰৰ দায়িত্ব গ্ৰহণ কৰিব নোৱাৰিব বুলি বক্তব্য সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছিল।

আৰু পঢ়িব পাৰিব :সোণ চুৰি কৰি আৰক্ষীৰ জালত পৰিল মহিলা

এই বক্তব্যৰ পাছত আজি পুনৰ আলফাৰ প্ৰচাৰ সচিব ৰুমেল অসম স্বাক্ষৰিত এটা বিবৃতিত বিষয়টো সম্পৰ্কত অন্তিম সময়সীমা প্ৰদান কৰে সংগঠনটোৱে৷ বিজ্ঞপ্তিটোত আলফাই ১৬ ফেব্ৰুৱাৰী মুক্তিপণ আদায় দিয়াৰ অন্তিম দিন বুলি ঘোষণা কৰি সেই দিনটোৰ ভিতৰত কুইপ’ কোম্পানীয়ে মুক্তিপণ আদায়ৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ১৭ ফেব্ৰুৱাৰীত ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি চৰম সকিয়নি দিছে।

আৰু পঢ়িব পাৰিব :অস্কাৰৰ দৌৰত চামিল এখন তামিল ছবি…

তদুপৰি কুইপ’ কোম্পানীক অসমৰ লগতে পশ্চিম, দক্ষিণ পূব এছিয়াত আলফাই নিষিদ্ধ ঘোষণা কৰি এই কোম্পানীৰ লগত জড়িত থলুৱা লোক তথা প্ৰতিষ্ঠান সমূহক জীৱিকাৰ বিকল্প পথ বাচি ল’বলৈ আহ্বান জনাইছে। বিবৃতিটোত শোষণৰ স্বাৰ্থত অইল ইণ্ডিয়া কোম্পানীক তৈলক্ষেত্ৰসমূহ বিদেশী তথা থলুৱা কোম্পানীক প্ৰদান কৰাৰ প্ৰক্ৰিয়া তৎকালীনভাৱে বন্ধ কৰিবলৈ নিৰ্দেশ দিছে সংগঠনটোৱে। ভাৰতৰ শোষণৰ সহযোগীৰূপে এই কোম্পানীসমূহক অভিহিত কৰি পৰৱৰ্তী সময়ত এনে কোম্পানীৰ বিৰুদ্ধে আলফাই বিহীত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰি ব্যৱস্থা গ্ৰহণৰ সময়ত থলুৱা নে বিদেশী অথবা কৰ্তব্যৰত নে নহয় এই সমূহ বিবেচনা নকৰে বুলি স্পষ্ট কৰি দিছে। এনে তৈল উৎপাদন কোম্পানীসমূহৰ সৈতে জড়িত থলুৱা প্ৰতিষ্ঠান আৰু কৰ্মচাৰীসকলক এই কোম্পানী সমূহ এৰি জীৱিকাৰ অন্য পথ ল’বলৈ আহ্বান জনাইছে আলফাৰ প্ৰচাৰ সচিব ৰুমেল অসমে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
31.4 °
30 °
79 %
2.1kmh
75 %
Tue
29 °
Wed
30 °
Thu
33 °
Fri
26 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular