spot_img
10 C
Guwahati
10 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিককিতাপৰ পৃথিৱীৰ পৰা অৰণ্যলৈ আলফাৰ নতুন উন্মেষ

কিতাপৰ পৃথিৱীৰ পৰা অৰণ্যলৈ আলফাৰ নতুন উন্মেষ

ডিজিটেল ডেস্কঃ চানমাৰিৰ অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত ‘অসম গ্ৰন্থমেলা’ কাইলৈ সামৰণি পৰিব। কিতাপৰ সুৱাসেৰে ২৯ ডিচেম্বৰৰ পৰা সুবাসিত হ’ল খেলপথাৰ। প্ৰতিদিনে ন ন অভিলেখ সৃষ্ট কৰি আনবাৰৰ দৰে এইবাৰো চৰ্চাত থাকিল অসম গ্ৰন্থমেলা। বহু ন-পুৰণি লেখকৰ কিতাপেৰে ভৰি পৰিল গ্ৰন্থমেলাৰ বাকৰি। পুৰণি গ্ৰন্থৰ দৰেই চাহিদা বৃদ্ধি পাইছে নতুন গ্ৰন্থৰো। এইবাৰ গ্ৰন্থৰ বিপণীত ভিৰ কৰিছে সশস্ত্ৰ-সংগ্ৰামৰ পটভূমিক লৈ ৰচনা কৰা গ্ৰন্থৰ পঢ়ুৱৈয়ে।

কেইদিনমান আগতে প্ৰকাশ কৰা ‘নয়নতৰাৰ পৃথিৱী’ শীৰ্ষক গ্ৰন্থৰ চাহিদা দ্ৰুতহাৰত বৃদ্ধি পাইছে। নৱ-প্ৰজন্মৰ লেখিকা আশ্ৰৱিকা বৰাৰ গ্ৰন্থই মোহাচ্ছন্ন কৰিলে প্ৰতিজন পাঠকক। কেৱল নয়নতৰাৰ পৃথিৱীয়েই নহয়, ধীৰুমণি গগৈৰ ‘নিষদ্ধ যোদ্ধা, দ্য আনট’ল্ড ষ্টৰীজ’ নামৰ গ্ৰন্থখনৰো আছে যথেষ্ট চাহিদা। পাঠকৰ পছন্দৰ পৰা বাদ পৰা নাই পৰাগ কুমাৰ দাসৰ ছাংলট ফেন্‌লা, স্বাধীন অসমৰ অৰ্থনীতি, ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপিকে ধৰি মনোজ কুমাৰ নাথৰ ‘আলফা, সেউজীয়া সপোন তেজৰঙা ইতিহাস’ আদি গ্ৰন্থও। মুঠতে সশস্ত্ৰ-সংগ্ৰামৰ পটভূমি তথা আলফাক লৈ ৰচনা কৰা কিতাপৰ পাঠকৰ সংখ্যা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে। এনে গ্ৰন্থৰ ক্ৰেতা অধিকাংশই নৱ-প্ৰজন্ম।


আলফা সম্পৰ্কীয় কিতাপৰ দ্বাৰা জ্ঞানৰ ক্ষুধা নিবাৰণেই শেষ নহয়। নতুন প্ৰজন্ম আলফাৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে। সঘনাই দেখিবলৈ পোৱা আলফামুখী যাত্ৰাই এয়াকে সূচায়। আজিৰ দিনটোত আহি পৰিছে ৬ যুৱকৰ আলফাত যোগদানৰ খবৰ। ইয়াৰে দুজন আৰক্ষীৰ জোৱান। মাকুম আৰক্ষী থানাত কৰ্মৰত ডিব্ৰুগড় জোৰাই গাঁৱৰ কৌশিক গোঁহাই, শিলচৰত কৰ্মৰত চৰাইদেউ জিলাৰ সাপেখাটীৰ নোমল ফুকন পেছাত আৰক্ষী বিষয়া আছিল। ইয়াৰ উপৰি তিনিচুকীয়াৰ আলাপৰ পিংকু মৰাণ, তিনিচুকীয়া কৰ্দৈগুৰিৰ অসীম মৰাণ, বিচিত্ৰ মৰণ আৰু সূৰুয মৰাণ আলফাত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে। কৰ্দৈগুৰিৰ তিনিওজন যুৱক বিগত তিনিমাহ ধৰি নিৰুদিষ্ট হৈ আছিল। এনেদৰে আলফাত যোগদানৰ খবৰ অতি সঘনাই আহি আছে। এনে সময়ত এই ঘটনাপ্ৰৱাহ ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। কিয়নো আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই চৰ্তবিহীনভাৱে একপক্ষীয় অস্ত্ৰবিৰতি ঘোষণা কৰাৰ লগতে পোনপ্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱস প্ৰত্যাহাৰ কৰা সিদ্ধান্ত বাতিল কৰিছিল। ইয়াৰ উপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো বিগত কেইবামাহ ধৰি আলফা সম্পৰ্কে এক ইতিবাচক দৃষ্টিভংগী গ্ৰহণ কৰি অতিশীঘ্ৰেই আলোচনাৰ বাট মুকলি হোৱাৰ পোষকতা কৰিছে। কিন্তু ইয়াৰ সমান্তৰালকৈ আলফাৰ অস্ত্ৰবিৰতি আৰু সদস্যভৰ্তি অভিযান অতি কৌশলী হিচাপে বিবেচিত হৈছে।

এক সূত্ৰ অনুসৰি আলফাৰ শিবিৰত থকা কেইবাজনো নেতৃস্থানীয় কেডাৰে স্বাস্থ্যজনিত কাৰণ বা আন অজুহাতত ম্যানমাৰৰ ঘন হাবিৰ পৰা অসমত প্ৰৱেশ কৰি সংগোপনে সংগঠনৰ কাম-কাজ চলাই যোৱা দেখা গৈছে। এওঁলোকৰ নেতৃত্বতেই প্ৰতিদিনে আলফামুখী হৈছে বহু যুৱক-যুৱতী। কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশতেই অসমৰ ৰাইজৰ মাজত সোমাই পৰি প্ৰচাৰ আৰু প্ৰসাৰত ৱৰ্তী হৈ পৰিছে বহু আলফা কেডাৰ। তেওঁলোকৰ মতে ২০২৬ চনত মান আৰু ইংৰাজৰ মাজত স্বাক্ষৰিত ইয়াণ্ডাবু সন্ধিয়ে ২০০ বছৰ পূৰ্ণ কৰিব। যাৰ ফলত ম্যাদ শেষ হ’ব ইয়াণ্ডাবু সন্ধিৰ। যি অসমৰ হেৰুওৱা স্বাধীনতা ঘূৰাই অনাত সহায়ক হ’ব। আলফাৰ সংগ্ৰামখনে ৫০ বছৰ অতিক্ৰম কৰা মাত্ৰেই আন্তঃৰাষ্ট্ৰীয় মৰ্যাদা লাভ কৰিব। এনেদৰে বিভিন্ন মতাদৰ্শৰে যুৱ-প্ৰজন্মক আকৰ্ষিত কৰিবলৈ সমৰ্থ হৈছ আলফাৰ প্ৰচাৰকসকল। এফালে বিজেপিৰ হঠকাৰী সিদ্ধান্ত আৰু আনফালে স্বাধীনতাৰ ৰোমাঞ্চকৰ সপোনত তিতিবুৰি বহুতেই বাছি লৈছে কণ্টকময় পথ।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular