spot_img
17 C
Guwahati
17 C
Guwahati
বুধবাৰ, ডিচেম্বৰ 1, 2021
Homeৰাষ্ট্ৰীয়চাহৰ দোকানত ট্ৰাকৰ প্ৰচণ্ড খুন্দা;চাহৰ সোৱাদ লৈ থকা ৬ জনৰ কৰুণ মৃত্যু

চাহৰ দোকানত ট্ৰাকৰ প্ৰচণ্ড খুন্দা;চাহৰ সোৱাদ লৈ থকা ৬ জনৰ কৰুণ মৃত্যু

ডিজিটেল ডেস্কঃ এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৬জনকৈ লোকে। মঙলবাৰে পুৱা ৮ বজাত সংঘটিত হৈছে দুৰ্ঘটনাটো। উত্তৰপ্ৰদেশৰ গাজিপুৰত সংঘটিত হৈছে এই ভয়ংককৰ দুৰ্ঘটনা। তীব্ৰ গতিৰে অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা চাহৰ দোকানত প্ৰচণ্ড জোৰে খুন্দা মাৰে। যাৰ ফলতে ৬জনকৈ লোক থিতাতে নিহত হয়।

পুৱাৰ চাহৰ জুতি লবলৈ চাহৰ দোকানখনত সোমাইছিল কেইজনমান লোক। হঠাতে ভৰাউলীৰ দিশৰ পৰা অহা এখন অনিয়ন্ত্ৰিত ট্ৰাকে চাহৰ দোকানখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে। উমাশংকৰ যাদৱ(৫০),গুলু যাদৱ(১৫),বীৰেন্দ্ৰ ৰাম(৪৫),সতীন্দ ঠাকুৰ(২৮)ট্ৰাকৰ দ্বাৰা পিষ্ট হৈ ঘটনাস্থলীতে মৃত্যুবৰণ কৰে।

আনহাতে চন্দ্ৰমোহন ৰায় (৪৫) আৰু শ্যাম বিহাৰী কুশৱাহা(৩৫) নামৰ লোক দুজনৰ চিকিৎসালয়ত মৃত্যু হয়।দুৰ্ঘটনাটোৰ পিছতে উত্তেজিত জনতাই ট্ৰাক চালকক আৱদ্ধ কৰি ৰাখি বেয়াকৈ মাৰপিট কৰে। আৰক্ষীয়ে উপস্থিত হৈ উত্তেজিত জনতাৰ হাতৰ পৰা কোনোমতে চালকজনক উদ্ধাৰ কৰি থানালৈ আনে।

দুৰ্ঘটনাস্থলীত উত্তেজিত জনতাৰ ভিৰ

আৰু পঢ়কঃ চমৎকাৰী ফল খেজুৰ! খাই যদি ভাল কথা,যদি নাখায় সোনকালে খোৱা আৰম্ভ কৰক

উত্তেজিত ৰাইজে মৃতদেহকেইটা লৈ ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদত বহে। মৃত লোককেইজনৰ পৰিয়ালক ক্ষতিপূৰণৰ দাবী জনায় উত্তেজিত জনতাই। বহু প্ৰচেষ্টাৰ অন্ততহে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। দুৰ্ঘটনাটোৱে সমগ্ৰ অঞ্চসজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular