spot_img
26 C
Guwahati
Sunday, September 26, 2021
spot_img
Homeআঞ্চলিককি পৰিস্থিতিত পৰি আত্মহত্যা কৰিলে চাহ বাগিচাৰ শ্ৰমিকজনে ?

কি পৰিস্থিতিত পৰি আত্মহত্যা কৰিলে চাহ বাগিচাৰ শ্ৰমিকজনে ?

তিনিচুকীয়া : দুলীয়াজানত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। চাহ বাগিচাৰ শ্ৰমিকৰ আত্মহনন। নিহত শ্ৰমিকজন দুলীয়াজানৰ ভাদৈ আৰক্ষী চকীৰ অন্তৰ্গত শান্তি চাহ বাগিছাৰ ১ নং লাইনৰ নিবাসী সাধন দাস বুলি জানিবপৰা গৈছে।

নিহত শ্ৰমিকগৰাকী শান্তি চাহ বাগিচাত শ্ৰমিক হিচাপে কৰ্মৰত আছিল। জানিবপৰা মতে নিহত লোকগৰাকীয়ে সোমবাৰে নিশা নিজৰ বাসগৃহৰ পৰা উক্ত চাহ বাগিচাৰ কলঘৰত কাম কৰিবলৈ ওলাই গৈছিল। তাৰপাছৰ পৰাই সন্ধানহীন হৈ আছিল শ্ৰমিকগৰাকী। মঙলবাৰে শান্তি চাহ বাগিচাৰ মাজত ডিগবৈ নৈৰ কাষত এজোপা গছত ডিঙিত চিপ লৈ থকা অৱস্থাত মৃতদেহটো আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

শেহতীয়াকৈ আৰক্ষীয়ে ঘটনা সৰ্ন্দভত দুলীয়াজান থানাত এক গোচৰ ৰুজু কৰি শ্ৰমিকগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। কি পৰিস্থিতিত চাহ শ্ৰমিক গৰাকীয়ে আত্মহনন কৰিবলগীয়া হ’ল এই সৰ্ন্দভত প্ৰকৃত তথ্য পোহৰলৈ অহা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। ইফালে ঘটনা সন্দৰ্ভত চাহ বাগিচাৰ কৰ্তৃপক্ষই মন্তব্য প্ৰদান কৰা নাই ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
26 ° C
26 °
26 °
89 %
0kmh
20 %
Sun
34 °
Mon
34 °
Tue
30 °
Wed
30 °
Thu
31 °

Watch latest Movies & TV Series on Prag Play

Most Popular