spot_img
20 C
Guwahati
20 C
Guwahati
দেওবাৰ, জানুৱাৰী 23, 2022
Homeআঞ্চলিকদুৰ্ভাগ্যজনক! মাঘ বিহুৰ আনন্দৰ মাজতে খেৰণিত ৰান্ধনী সন্থাৰ প্ৰতিবাদ

দুৰ্ভাগ্যজনক! মাঘ বিহুৰ আনন্দৰ মাজতে খেৰণিত ৰান্ধনী সন্থাৰ প্ৰতিবাদ

ডিজিটেল ডেস্ক : দুৰ্ভাগ্যজনক! মাঘ বিহুৰ আনন্দৰ মাজতে নগাঁৱৰ কচুৱাৰ খেৰণিত ৰান্ধনী সন্থাৰ তীব্ৰ প্ৰতিবাদ। অভিযোগ অনুসৰি চৰকাৰী বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী হিচাপে কৰ্মৰত হৈ আজিকোপতি তেওঁলোকে ন্যূনতম দৰমহা লাভ কৰি আহিছে। কিন্তু  অতিকৈ কম দৰমহাৰে পৰিয়াল পোহপাল দিবলৈ অপৰাগ হৈ  পৰিছে ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনীসকল।

উল্লেখ্য যে, অসমৰ চৰকাৰী বিদ্যালয়লৈ যোৱা অধিকাংশ শিশুৱে গ্ৰামাঞ্চলত বাস কৰা পৰিয়ালৰ। তেওঁলোকৰ প্ৰায়সংখ্যকেই দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। এইসকল শিশুৱে পুৱাতে কিবা খায় বা অধিকাংশই নোখোৱাকৈয়ে বিদ্যালয়লৈ আহি দিনটো লঘোণে-ভোকে কটায়। আনকি এনে শিশুৱে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱাৰ ফলত অভিভাৱকসকলে আধাতে বিদ্যালয় এৰাই দিবলগীয়া হোৱাৰ দৰে ঘটনাও দৈনিক বৃদ্ধি পায় আহিছে।

ইফালে, এনে পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু অভিভাৱকসকলক উৎসাহিত কৰিবলৈ ২০০৫ চনৰ পৰা মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণ কৰে ৰাজ্য চৰকাৰে। আনহাতে, শিশুসকলৰ শাৰীৰিক-মানসিক বিকাশ আৰু পুষ্টিসাধনৰ সমান্তৰালভাৱে বিদ্যালয়ত নিয়মীয়া উপস্থিতি আৰু নামভৰ্তিৰ মান উন্নত কৰাই আছিল ইয়াৰ অন্যতম উদ্দেশ্য।

সেই উদ্দেশ্যে ২০০৫ চনৰ পৰা চৰকাৰী বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজনৰ ৰান্ধনী হিচাপে কৰ্মৰত হৈ তেওঁলোকৰ অনুৰোধ যে অন্তত দেশৰ প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই খোৱা চাহকাপৰ দামকে দি দৰমহাৰ পৰিমাণ উন্নত কৰিবলৈ। কিয়নো বৰ্তমান যি দৰমহা পাই আছে সেয়া তেওঁলোকে খোৱা চাহকাপৰ দামতকৈও অধিক কম। প্ৰতিমাহে এই সামান্য দৰমহা পাবলৈও সক্ষম হোৱা নাছিল ৰান্ধনীসকল।

আনহাতে, নৰেন্দ্ৰ মোদী হুঁচিয়াৰ, হিমন্ত বিশ্ব শৰ্মা গʼবেক আদি ধ্বনিৰে আকাশ-বতাহ কঁপাই তোলে ক্ষোভিত ৰান্ধনীসকলে। যদি ৰান্ধনীসকলক দৰমহা দিব নোৱাৰে তেন্তে সেই টকাকেইটা চৰকাৰে পংগু মানুহক দান কৰিব লাগে বুলিও দাবী জনাই খেৰণী ৰান্ধনী সন্থাই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular