spot_img
17 C
Guwahati
17 C
Guwahati
শনিবাৰ, জানুৱাৰী 29, 2022
Homeআঞ্চলিকদুৰ্ভাগ্যজনক! ধুবুৰীত ধোঁৱাচাঙত পৰিণত শিশু শ্ৰম নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন

দুৰ্ভাগ্যজনক! ধুবুৰীত ধোঁৱাচাঙত পৰিণত শিশু শ্ৰম নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন

ডিজিটেল ডেস্ক : বিগত দুটা বৰ্ষত সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষকে ধৰি অসমেও ক’ভিড অতিমাৰীৰে সমানে যুঁজ দি আহিছে। এই যুঁজত বহুতো লোক সুস্থ হ’ল যদিও বহুত লোকে হেৰুৱালে নিজৰ আপোজনক । একেদৰে ক’ভিড মহামাৰীয়ে ৰাজ্যৰ বহু শিশুক অনাথ কৰাৰ লগতে শ্ৰমিক হ’বলৈও বাধ্য কৰোৱাৰ দৰে ঘটনা নিতৌ পোহৰলৈ আহিব ধৰিছে। এনে সময়ত ধুবুৰীত পুনৰ ধোঁৱাচাঙত পৰিণত হ’ল শিশু শ্ৰম নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন।

উল্লেখ্য যে, ‘শিশু শ্ৰম নিবাৰণ আৰু নিয়ন্ত্ৰণ আইন-১৯৮৬’ অনুসৰি ৫-১৮ বছৰৰ শিশুসকলক এই আইনৰ আওঁতাত ধৰা হয়। বিশ্বজুৰি শিশুৰ অধিকাৰ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্য প্ৰতি বছৰে ১২ জুনৰ দিনটো বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস হিচাপে পালন কৰা হয়। কিন্তু ক’ভিড পৰিস্থিতিৰ বাবেই হওক বা আন কোনো কাৰণতে হওক বৰ্তমান ধোঁৱাচাঙত পৰিণত হোৱা দেখা গৈছে শিশু শ্ৰম প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইনখন।

ধুবুৰীৰ বিভিন্ন প্ৰান্তত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে শিশু শ্ৰমিকৰ সংখ্যা। তেনে সময়তে ধুবুৰী জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগ, চাইল্ড লাইন, ডি চি পি ইউ আৰু চি ডব্লিউ চিকে ধৰি কেইবাটাও সংগঠনে যৌথভাৱে চলোৱা অভিযানত ধুবুৰীৰ বিলাসিপাৰা আৰু চাপৰ অঞ্চলৰ প্ৰকাশ পাইছে এই তথ্য।

আৰক্ষীৰ সহযোগত বিভিন্ন মটৰ চাইকেল, মটৰ গেৰেজ আৰু হোটেলত কাম কৰি থকা অৱস্থাত উদ্ধাৰ কৰা হয় ১৫গৰাকীকৈ শিশু-কিশোৰ শ্ৰমিক। উদ্ধাৰ কৰা শিশু-কিশোৰ শ্ৰমিকক নিশা স্বাস্থ্যপৰীক্ষা সম্পন্ন কৰাই ধুবুৰী ছায়া ছিলড্ৰেন হোমত ৰখাৰ ব্যৱস্থা কৰা হয়। ইপিনে, উদ্ধাৰ হোৱা শিশু-কিশোৰ শ্ৰমিকৰ ভিতৰত একাংশই বিভিন্ন বিদ্যালয়ত অধ্যয়নৰত অৱস্থাত আছে যদিও আৰ্থিক দৈন্যতাৰ বাবে বিভিন্ন মটৰ চাইকেল অথবা মটৰ গেৰেজ আৰু হোটেলত কাম কৰি দুপইচা উপাৰ্জনৰ পথ বাছি ল’বলৈ বাধ্য হৈছে।

RELATED ARTICLES

Watch latest Movies & TV Series on Prag Play

Most Popular