spot_img
27 C
Guwahati
Monday, September 20, 2021
spot_img
Homeআঞ্চলিকঅসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ভাগ ল’ব ভালেমান কাৰ্যসূচীত

অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী, ভাগ ল’ব ভালেমান কাৰ্যসূচীত

গুৱাহাটী : দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। কালি উত্তৰ পূবৰ ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰে বৈঠকত ভাগ লোৱাৰ পাছত আজি গুৱাহাটীত উপস্থিত হ’ব গৃহমন্ত্ৰী অমিত শ্বাহ৷ উত্তৰ পূবৰ ভালেমান সমস্যা সন্দৰ্ভত আলোচনা কৰা শ্বাহে আজি গুৱাহাটী মেডিকেল কলেজ হাস্পতালত উদ্বোধন কৰিব ৰেডিঅ’ থেৰাপী ব্লক৷

শংকৰদেৱ কলাক্ষেত্ৰতো তেওঁ অংশ ল’ব এটা অনুষ্ঠানত৷ কেইবাখনো নতুন আঁচনি উদ্বোধন কৰিব গৃহমন্ত্ৰীয়ে৷ ক’ভিডত ক্ষতিগ্ৰস্ত পৰিয়াললৈ চেক্ বিতৰণো কৰিব গৃহমন্ত্ৰীয়ে৷ এই কাৰ্যসূচীৰ মাজতে তেওঁ আধাৰশিলা স্থাপন কৰিব তামুলপুৰ মেডিকেল কলেজৰ৷

কলাক্ষেত্ৰৰ পৰাই ভাৰ্ছুৱেলী আধাৰশিলা স্থাপন কাৰ্যসূচীত ভাগ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে৷ উল্লেখ্য যে, অসমত ড্ৰাগছ বিৰোধী অভিযান, চুবুৰীয়া ৰাজ্যৰে সীমা সমস্যা আদি চলি থকাৰ মাজতে গৃহমন্ত্ৰীৰ এই ভ্ৰমণে ভালেমান দিশত নিৰ্ণায়ক দিশ নিৰ্দেশনাৰ সম্ভাৱনা আছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
mist
27 ° C
27 °
27 °
89 %
0kmh
75 %
Mon
32 °
Tue
31 °
Wed
30 °
Thu
31 °
Fri
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular