ৰাজ্যত আনলকৰ শেহতীয়া নিৰ্দেশনা: আজিৰেপৰা প্ৰযোজ্য এইসমূহ নতুন নিয়ম

গুৱাহাটী: কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা আনলকৰ নীতি-নিয়ম অসমত প্ৰযোজ্য নোহোৱাৰ কথা ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল৷ আজি এই সন্দৰ্ভত ৰাজ্যৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে সবিশেষ গাইডলাইন। এই নিৰ্দেশনা আজি, অৰ্থাৎ ২ আগষ্টৰ সন্ধিয়া ৭ বজাৰপৰা ১৪ আগষ্টৰ সন্ধিয়া ৭ বজালৈকে প্ৰযোজ্য হ’ব৷ মানিব লাগিব এইসমূহ নীতি-নিয়ম:

পূৰ্বৰ গাইডলাইনত অনুমতি থকা সকলো সেৱা সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭ বজাৰপৰা সন্ধিয়া ৫ বজালৈ ৰাস্তাৰ একাষে এদিন এৰি এদিন সোঁ- বাঁও নীতি মানি খুলিব পাৰিব৷

কামৰূপ মহানগৰৰ বাহিৰে ৰাজ্যৰ আন জিলাত সোমবাৰৰ পৰা শুকুৰবাৰলৈ পথৰ দুয়োকাষে খুলিব পাৰিব জিম আৰু শ্বপিং মল। কিন্তু গুৱাহাটীত সোঁ-বাঁও নীতি মানি পথৰ এফালেহে এইসমূহ খুলিব পাৰিব। অৰ্থাৎ সোমবাৰে যদি পথৰ বাওঁফালে খোলে, মঙলবাৰে সোঁফালে থকা দোকানসমূহ খুলিব পাৰিব৷

আৰু পঢ়িব পাৰিব: ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অমৰ সিঙৰ ৬৪ বছৰ বয়সত মৃত্যু

সামাজিক দূৰত্ব তথা ক’ভিড প্ৰট’কল মানি সোমবাৰৰপৰা শনিবাৰলৈ ৰেষ্টোৰাঁ আৰু হোটেলসমূহ খুলিব পাৰিব৷

প্ৰতি সপ্তাহৰ সোমবাৰ আৰু মঙলবাৰে অন্তঃজিলা যাতায়াতৰ অনুমতি দিয়া হৈছে।ইয়াৰ বাবে পৃথকে অনুমতি পত্ৰ উলিয়াব নালাগে৷

গৰ্ভৱতী মহিলাক বাদ দি, ১০০ শতাংশ কৰ্মচাৰীৰে বেংক, ইঞ্চুৰেঞ্চ কোম্পানী, এনবিএফচি তথা সকলো কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ কাৰ্যালয় খুলিব পাৰিব। কৰ্মচাৰীৰ বাবে নিৰ্দিষ্ট স্থানৰপৰা নিৰ্দিষ্ট স্থানলৈ যাতায়াতৰ বাবে বাছসেৱা থাকিব৷

দূৰত্ব বজাই ৰাখি খেলিব পৰা ক্ৰীড়াৰ ক্ষেত্ৰত অনুমতি৷

আৰু পঢ়িব পাৰিব: প্লাজমা দানে বচাব পাৰে দুজন ব্যক্তিৰ জীৱন

চিনেমা হল, পাৰ্ক, থিয়েটাৰ, বাৰ, প্ৰেক্ষাগৃহ বন্ধ থাকিব।

সামাজিক, ৰাজনৈতিক, ধৰ্মীয়, ক্ৰীড়াকে ধৰি সকলো বিশাল ৰাজহুৱা অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা৷

ৰাজ্যৰ কোনো লোক সন্ধিয়া ৬ বজাৰপৰা পুৱা ৬ বজালৈ ৰাজহুৱা স্থানত ঘূৰা-ফুৰা কৰিব নোৱাৰিব।

শনিবাৰ আৰু দেওবাৰে ৰাজ্যৰ সকলো ঠাইতে ৰাজহুৱা স্থানত ঘূৰা-ফুৰাত বাধা৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close