spot_img
16 C
Guwahati
16 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeক্ৰীড়াপাকিস্তানৰ বিজয়ত আনন্দ প্ৰকাশ! অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনি ছাত্ৰক বহিষ্কাৰ

পাকিস্তানৰ বিজয়ত আনন্দ প্ৰকাশ! অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনি ছাত্ৰক বহিষ্কাৰ

ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত দেওবাৰে অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপৰ মেচখনত বিজয়ী হৈছিল ভাৰতৰ চিৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তান। মেচখনত পাকিস্তান দলে ভাৰতক ১০ উইকেটত পৰাস্ত কৰিছিল। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ভাৰত পৰাস্ত হোৱাৰ পাছতে উত্তৰ প্ৰদেশৰ আগ্ৰাৰ ৰাজা বলৱন্ত সিং অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তিনি জন ছাত্ৰই পাকিস্তানৰ বিজয়ত উল্লাস প্ৰদৰ্শন কৰি হোৱাটছএপত ষ্টেটাছ দিছিল। ছাত্ৰ তিনি জনৰ এই হোৱাটছএপ ষ্টেটাছ অভিযান্ত্ৰিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগেই তিনিওকে তাৎক্ষণিকভাবে বহিষ্কাৰ কৰে।

বহিষ্কৃত ছাত্ৰ তিনিজন জম্মু-কাশ্মীৰৰ আৰ্ছিদ ইউচেফ,ইনায়াত আলতাফ শ্বেখ আৰু ছৌকত আহমেদ গনাই বুলি জানিব পৰা গৈছে। মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই নিজ দেশক অৱমাননা কৰি চিৰবৈৰী পাকিস্তানক মৰ্যাদা দিয়াৰ কাৰ্যক ‘অনুশাসনহীনতা কাৰ্য’ বুলি অভিহিত কৰিছে। সেয়েহে মহাবিদ্যালয়ৰ অনুশাসন সমিতিয়ে তিনিওজনকে তাৎক্ষণিকভাৱে বহিষ্কাৰ কৰাৰ সিদ্ধান্ত লয়। উল্লেখ্য যে ছাত্ৰকেইজনে প্ৰধানমন্ত্ৰীৰ ‘ছুপাৰ স্পেচিয়েল আঁচনি’ৰ অধীনত অধ্যয়ন কৰি আছিল।সেয়েহে এই বিষয়টো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তো জনাই দিয়া হৈছে।

বিজেপি যুৱ শাখাৰ স্থানীয় নেতাসকলেও জগদীশপুৰা আৰক্ষী থানাত কাশ্মীৰৰ ছাত্ৰকেইজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আগ্ৰাৰ এছপি বিকাশ কুমাৰে কয় যে, আমি দেশক অপমান কৰাৰ অভিযোগ পাইছোঁ আৰু নিশ্চয়কৈ এই অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আৰু পঢ়কঃ কোটিপতি স্বামীক এৰি অটোচালকৰ লগত পলাই গ’ল পত্নী! লগত নিলে…

উল্লেখ্য যে ৰাজস্থানতো পাকিস্তানৰ বিজয়ত উল্লাস প্ৰদৰ্শন কৰি বিদ্যালয়ৰ পৰা বহিষ্কৃত হৈছিল এগৰাকী শিক্ষয়িত্ৰী। নাফিছা আটাৰী নামৰ শিক্ষয়িত্ৰীগৰাকী ৰাজস্থানৰ উদয়পুৰৰ নীৰজা মোদী বিদ্যালয়ত কৰ্মৰত আছিল। নাছিফাই পাকিস্তান বিজয়ী হোৱাত আনন্দ প্ৰকাশ কৰি ‘আমি জয়ী হ’লো’ বুলি হোৱাটছএপ ষ্টেটাছ দিছিল। তাৰপিছতেই উদয়পুৰৰ নীৰজা মোদী বিদ্যালয় কৰ্তৃপক্ষই শিক্ষয়িত্ৰী নাছিফাক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular