আমেৰিকাৰ ৰাষ্ট্রপতি নিৰ্বাচনী প্ৰচাৰত ব্যৱহাৰ অসমীয়া ভাষা !

ৱাশ্বিংটন : অসমবাসীৰ বাবে সুদূৰ আমেৰিকাৰ পৰা আহিছে এক ভাল খবৰ। আমেৰিকাৰ ৰাষ্ট্রপতি নিৰ্বাচনৰ প্ৰচাৰত ব্যৱহাৰ হৈছে অসমীয়া ভাষা। ৩নবেম্বৰত হ’ব আমেৰিকা যুক্তৰাষ্ট্রত ৰাষ্ট্রপতি নিৰ্বাচন। কৰ’না বিভীষিকাৰ মাজতে আমেৰিকাত অব্যাহত আছে ৰাষ্ট্রপতি নিৰ্বাচনী প্ৰচাৰ

আৰু পঢ়িব পাৰিব: ৰাম মন্দিৰ নিৰ্মাণৰ কামনা : ২৮ বছৰে অন্ন অবিহনে অশীতিপৰ মহিলা

এইবাৰ নিৰ্বাচনী প্ৰচাৰত অভুতপূৰ্ব পদক্ষেপ লৈছে ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী জো বিডেনে। ভাৰতীয় মূলৰ ৪৪ লাখ ভোটাৰক আকৃষ্ট কৰিবলৈ ১৪ টা ভাৰতীয় ভাষাত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ ব্যৱস্থা কৰিছে জো বিডেনৰ নিৰ্বাচনৰ কমিটিয়ে। ১৪ টা ভাৰতীয় ভাষাৰ মাজত স্থান লাভ কৰিছে অসমীয়া ভাষাও।

দেশখনত বসবাস কৰা ৩০০ টা পৰিয়ালক সমানে গুৰুত্ব প্ৰদান কৰিছে জো বিডেনৰ নিৰ্বাচন কমিটিয়ে। জো বিডেনৰ এই অসমীয়া প্ৰীতিৰ আৰত আছে এগৰাকী অসমীয়া। ১৯৮৯ত অসমত হাইস্কুল শিক্ষা গ্ৰহণ কৰা অজয় জৈন ভুতৰিয়াৰ বাবেই সম্ভৱ হৈছে অসমীয়াত ৰাষ্ট্রপতি নিৰ্বাচনৰ প্ৰচাৰ। গুৱাহাটী মহানগৰীৰ মালিগাঁওৰ ব্যৱসায় প্ৰতিস্থান আছিল অজয় জৈন ভুতৰিয়াৰ। মেধা আৰু অধ্যৱসায়ৰ বলত আমেৰিকাত প্ৰতিস্থা লাভ কৰি ৰাজনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৱলৈ সক্ষম হৈছিল অজয় জৈনে।

আৰু পঢ়িব পাৰিব: পূৰ্ব-পৰিকল্পিত আছিল দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ : তাহিৰ হুছেইনৰ স্বীকাৰোক্তি

বিগত ২২ বছৰ ধৰি আমেৰিকাৰ ৰাজনীতিত সক্ৰিয় অজয় জৈন বিডেনৰ নেচনেল ফাইনেন্স কমিটিৰ অন্যতম ব্যক্তি। ২০১৬ৰ ৰাষ্ট্রপতি নিৰ্বাচনতো হিলাৰি ক্লিণ্টনৰ নেচনেল ফাইন্সেচ কমিটিৰ সদস্য আছিল অজয়। শেহতীয়াকৈ জো বিডেনৰ নিৰ্বাচনী প্ৰচাৰক লৈ ১৪টা কৈ ভাৰতীয় ভাষাৰ ব্যৱহাৰৰ প্ৰকল্পৰ কাম হাতত লয় অজয় জৈনে। য’ত স্থান পাই অজয় প্ৰিয় অসমীয়া ভাষাও। জো বিডেনৰ প্ৰচাৰত যিদৰে হিন্দীত প্ৰচাৰ চলিছে একেদৰে অসমীয়াতো চলিছে প্ৰচাৰ। আমাৰ নেতা কেনেকুৱা, জো বিডেন যেনেকুৱা, এই নৱেম্বৰত জো বিডেনক আদি শ্ল’গানেৰে চলাইছে নিৰ্বাচনী প্ৰচাৰ।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES